১ জুলাইত ধুবুৰী জিলা দিৱস, ৰাইজৰ সহযোগত জিলা প্ৰশাসনৰ প্ৰস্তুতি…

১ জুলাইত ধুবুৰী জিলা দিৱস, ৰাইজৰ সহযোগত জিলা প্ৰশাসনৰ প্ৰস্তুতি…

ডিজিটেল সংবাদ, ধুবুৰী: ১৯৮৩ চনৰ ১ জুলাইত গঠন হোৱা ধুবুৰী জিলাৰ প্ৰতিষ্ঠা দিৱস 'জিলা দিৱস' হিচাপে উদযাপনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে জিলা প্ৰশাসনে ৷ অহা শুকুৰবাৰে ধুবুৰী টাউনত থকা আৰক্ষী নিৱেশৰ প্ৰেক্ষাগৃহত ধুবুৰীৰ স্থানীয় ৰাইজৰ সক্ৰিয় অংশগ্ৰহণেৰে দিনজোৰা কাৰ্যসূচীৰে জিলা দিৱস পালন কৰা হ'ব৷

সেইদিনা পুৱা ১১ বজাত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী আৰম্ভ হ'ব৷ ইয়াৰ পিছতে ধুবুৰী জিলাৰ বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱ হ'ব আৰু ধুবুৰী জিলাৰ ইতিহাস আৰু ঐতিহ্যক সামৰি এখন আলোচনা চক্ৰ অনুষ্ঠিত হ'ব৷ ইয়াত ধুবুৰীৰ ইতিহাস আৰু ঐতিহ্য সন্দৰ্ভত বিশেষ জ্ঞান থকা শংকৰ কুমাৰ বসুৱে বিশিষ্ট বক্তা হিচাপে ভাষণ দিব৷ ইয়াৰ পিছতে অনুষ্ঠিত হ'ব চিত্ৰাঙ্কন আৰু কুইজ প্ৰতিযোগিতা ৷

বিয়লি ৪ বজাৰ পৰা ধুবুৰীৰ বৰ্ণিল সংস্কৃতিৰ প্ৰদৰ্শনেৰে অনুষ্ঠিত হ'ব সাংস্কৃতিক অনুষ্ঠানৰ৷ ইয়াৰ পিছতে দিনত অনুষ্ঠিত প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ বিতৰণ কৰা হ'ব৷ আনহাতে জিলা গঠনৰ ঐতিহাসিক আৰু আনন্দময় মূহুৰ্তক স্মৰণ কৰি সেইদিনা সন্ধিয়া সকলো চৰকাৰী কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ব্যক্তিগত আৱাসমূহ পোহৰেৰে আলোকিত কৰি তুলিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে ৷ জিলা দিৱসৰ প্ৰতিটো কাৰ্যসূচীত ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ কামনা কৰিছে জিলা উপায়ুক্ত অন্বামুথন এম পিয়ে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in