মঙলদৈত যি কোনো সময়তে বন্ধ হ’ব পাৰে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ…

মঙলদৈত যি কোনো সময়তে বন্ধ হ’ব পাৰে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ…

ডিজিটেল সংবাদ, মঙলদৈ: ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অদূৰদৰ্শীতাৰ বাবেই পুনৰ বন্ধ হোৱাৰ দিশে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ। খৰালি শুই থকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰণে মঙলদৈ চহৰৰ মাজমজিয়াত এই ভৰ বাৰিষা ১০ নং ওৱাৰ্ডৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটি কালভাৰ্ট নিৰ্মাণৰ কাম আৰম্ভ কৰাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ৰাষ্ট্ৰীয় ঘাইপথটোৰ এটা অংশ দ গাত কৰি আনটি অংশৰে যাতায়ত চলাই থকাৰ ফলত যান-যতকে ধৰি ৰাইজৰ বহু অসুবিধাৰ সৃষ্টি হৈছে। দুই তিনি দিন বৰষুণ দি থাকিলে ৰাষ্ট্ৰীয় ঘাইপথটি সম্পূৰ্ণ বন্ধ হৈ পৰাৰ সম্ভাৱনা আছে।
১৬ জুনৰৰ পৰা প্ৰায় পোন্ধৰ দিন ধৰি প্ৰলয়নকাৰী বানপানীৰ বাবে মঙলদৈত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ থকাৰ পিছত শেহতীয়া ভাৱে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ ভূলৰ বাবেই পুনৰ বন্ধ হোৱাৰ দিশে আগবাঢ়িছে ৰাষ্ট্ৰীয় ঘাইপথটি। লেহেমীয়া গতিত কালভাৰ্ট টি নিৰ্মাণ চলি থকাৰ বাবে প্ৰতি দিনে চহৰ খনত যানযট সৃষ্টি হোৱাৰ উপৰিও বহু দুৰ্ঘটনাত সংঘটিত হৈছে।

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ মুৰ্খ্য ৰাষ্ট্ৰীয় ঘাইপথটি চুবুৰীয়া অৰুণাচল, ভূটানৰ লগতে লক্ষীমপুৰ, ধেমাজি, শোনিতপুৰ,ওডালগুৰি জিলাৰ যাতায়ত এক মাত্ৰ প্ৰধান পথ।পথটি সামৰিক দিশৰ ফালৰ পৰাও বহু গুৰুত্বপূৰ্ণ কিয়নো তেজপুৰত অৱস্থিত সেনাবাহিনীৰ ফ'ৰ ক'ৰ যাতায়তৰ এক মাত্ৰ প্ৰধান পথ।

এনে এটা গুৰুত্বপূৰ্ণ পথক লৈ ৰঙিয়াস্থ গড়কাপ্তানী বিভাগৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীয়ে ল'ৰা ধেমালি কৰাত দৰঙী ৰাইজ ক্ষোভিত হৈ পৰিছে। বিভাগটোৰ ৰঙিয়াস্থ কাৰ্যবাহী অভিযন্তা আৰু নিৰ্মাণৰত কোম্পানী টোৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবি কৰিছে আছু, যুৱছাত্ৰ পৰিষদ,মঙলদৈ নাগৰিক মঞ্চ,আদি দল সংগঠনে।

মঙলদৈ নাগৰিক মঞ্চৰ সভাপতি হৰেণ বনিয়াই বিষয়টিৰ ওপৰত মূখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবি কৰিছে। আন হাতে আছুৰ কেন্দ্ৰীয় বৃত্তীয় সম্পাদক খনিন্দ্ৰ ৰাজবংশী ,জিলা সমিতিৰ সভাপতি পৰাগ চহৰীয়া, সম্পাদক সত্যৰঞ্জন ডেকাই গড়কাপ্তানী বিভাগৰ হথকাৰী সিদ্ধান্তক তীব্ৰ ভাষাৰে প্ৰতিবাদ কৰাৰ লগতে খৰালি দিনত বিভাগটো ক'ত শুই আছিল বুলি প্ৰশ্ন কৰে।

বিভাগ টোৰ এনে অকমন্য কাৰ্যবাহী অভিযন্তা জনক শীঘ্ৰে নিলম্বনৰ দাবী জনায়। আনহাতে যুৱছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপ সভাপতি ভবেশ কাকতিয়ে মঙলদৈ চহৰৰ সোমাজত কেইজনমান অদক্ষ শ্ৰমিকৰে লেহেমীয়া গতিত কাম কৰি থকাত আচৰ্য্য প্ৰকাশ কৰে, তেওঁ নিৰ্মাণৰত কালভাৰ্ট টি দক্ষ শ্ৰমিকেৰে দিনে ৰাতিয়ে কাম কৰি শিঘ্ৰে সম্পূৰ্ণ কৰিবলৈ দাবী জনায়।

আনহাতে দৰং জিলা উপায়ুক্ত প্ৰনৱ কুমাৰ শৰ্মাই আজি বিভাগীয় কাৰ্যবাহী অভিযন্তা আৰু নিৰ্মানৰত জি এম কোম্পানীক কঠোৰ সকিয়নী দি কম সময়ৰ ভিতৰত কাম টি সমাপ্ত কৰিবলৈ নিৰ্দেশ দিয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in