নগাঁৱত এমাহত গ্ৰেপ্তাৰ তিনি আৰক্ষী বিষয়া…

নগাঁৱত এমাহত গ্ৰেপ্তাৰ তিনি আৰক্ষী বিষয়া…

ডিজিটেল সংবাদ,নগাঁও : এমাহত নগাঁৱত গ্ৰেপ্তাৰ তিনিজনকৈ আৰক্ষী বিষয়া ৷ মাহটোৰ ভিতৰত তিনিজনকৈ আৰক্ষী বিষয়া গ্ৰেপ্তাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলাখনত ৷

গ্ৰেপ্তাৰ হোৱা এই তিনি আৰক্ষী বিষয়া হৈছে এ এছ আই আব্দুল মোতালিব , এছ আই জোন মনি ৰাভা আৰু এছ আই হাইদৰ হুছেইন ৷ আব্দুল মোতালিব গ্ৰেপ্তাৰ হৈছিল পোষ্টিঙৰ বাবে উপঢৌকন আগবঢ়ায় ৷ জোন মনি ৰাভা গ্ৰেপ্তাৰ হৈছিল প্ৰবঞ্চনাৰ গোচৰত ৷ হাইদৰ আলি গ্ৰেপ্তাৰ হৈছে ক্ষমতাৰ অপব্যৱহাৰ কৰি এজন লোকক থানাত অত্যাচাৰ চলোৱাৰ লগতে ধন দাবী কৰাৰ অভিযোগত ৷ ২ জুনত আব্দুল মোতালিব , ৪ জুনত জোন মনি ৰাভা আৰু ২৮ জুনৰ নিশা গ্ৰেপ্তাৰ হয় হাইদৰ আলি ৷

কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া এছ আই হাইদৰ আলীক ৰূপহীহাট আৰক্ষী থানাত ৰুজু হোৱা গোচৰ নম্বৰ ২২৫/২০২২ নম্বৰৰ বিপৰিতে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ বাবুল হক নামৰ লোক এজনে দাখিল কৰা এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় আৰক্ষী বিষয়াজনক ৷ বাবুল হকক মাটিবাৰী ঘটনাৰ সন্দৰ্ভত ২৫ জুনত আটক কৰি ২৭ জুনলৈকে কাৱৈমাৰী আৰক্ষী চকীত ৰখাই থোৱা হৈছিল ৷

আৰক্ষীৰ জিম্মাত থকা অৱস্হাত বাবুল হকক শাৰিৰীক নিৰ্যাতন চলোৱা হৈছিল ৷ আৰক্ষীৰ মাৰত বাবুলৰ মূৰ ফাটি গৈছিল ৷ আৰক্ষীৰ পৰা মুক্তি পাবৰ বাবে ২০ হাজাৰ টকাও দাবী কৰিছিল এছ আই হাইদৰ হুছেইনে ৷ কিন্তু এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত এছ আই হাইদৰ হুছেইনে কোনো গোচৰ ৰুজু কৰা নাছিল ৷

ৰূপহীহাট আৰক্ষী থানাত গোচৰ ৰুজু হোৱাৰ পিছত নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেয়ে সমগ্ৰ ঘটনা তদন্ত কৰোৱাই বিষয়াজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্হা গ্ৰহণ কৰে ৷ গ্ৰেপ্তাৰ হোৱা এছ আই হাইদৰ হুছেইনক বুধবাৰে আদালতত আৰক্ষীয়ে হাজিৰ কৰে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in