আই নৈৰ তাণ্ডৱঃ গৰাখহনীয়াত বুৰ গ’ল ১০০ বিঘা খেতি মাটি, একমাত্ৰ খোৱাপানীৰ উৎস..

আই নৈৰ তাণ্ডৱঃ গৰাখহনীয়াত বুৰ গ’ল ১০০ বিঘা খেতি মাটি, একমাত্ৰ খোৱাপানীৰ উৎস..

ডিজিটেল সংবাদ চিৰাংঃ চিৰাং জিলাৰ ভাৰত-ভূটান আন্তৰ্জাতিক সীমান্তৰ ২ নং আই পোৱালী গাঁৱত আজি আই নৈৰ গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে । আই নৈৰ গৰাখহনীয়াত জাহ গৈছে ২ নং আই পোৱালী গাঁৱৰ মানুহৰ ঘৰ দুৱাৰ, উটি গৈছে বহু মূল্যৱান গছ গছনি ।

কেৱল আজিৰ দিনটোতে গৰাখহনীয়াৰ কবলত পৰি আই নৈৰ বুকুত জাহ গৈছে কঠীয়া দিয়া ধান খেতিসহ প্ৰায় ১০০ বিঘা খেতি পথাৰ ।দুই নং আই পোৱালীৰ ৩৫ টাকৈ পৰিয়ালৰ একমাত্ৰ খোৱাপানীৰ উৎস নলকূপটো ইতিমধ্যেই গৰাখহনীয়াৰ কবলত পৰিছে ।

উল্লেখ্য যে খৰালিৰ সময়ত ভূটানৰ পাহাৰৰ নামনিত অঞ্চলটোত খোৱাপানীৰ অভাৱ ঘটে । তেনেক্ষেত্ৰত অঞ্চলবাসী ৰাইজৰ একমাত্ৰ খোৱাপানীৰ উৎসটো গৰাখহনীয়াৰ কবলত পৰি যোৱাত চিন্তিত হৈ পৰিছে ।বিগত কেইদিন ধৰি নেৰেনেপেৰা বৰষুণৰ ফলত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা নামি অহা পানীৰ ঢলে আই নৈ বুকু ওফন্দি উঠাৰ ফলত নামনি অংশত প্ৰৱল বানপানীৰ সৃষ্টি কৰিছে ।

বৰ্তমান সময়ছোৱাত অঞ্চলটোত আই নৈত যি গতিত গৰাখহনীয়া চলি আছে আৰু আগলৈ এয়া যদি অব্যাহত থাকে তেনেহলে ২ নং আই পোৱালী গাঁৱৰ লগতে আশ্ৰাবাৰী আদিবাসী বস্তীলৈ তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে বুলি স্থানীয় লোকে আশংকা ব্যক্ত কৰে । ভবিষ্যতে এই অঞ্চলত থাকিব পাৰিব নে নাই এই চিন্তা কৰি আই নৈৰ বিধ্বংসী গৰাখহনীয়াৰ পৰা অঞ্চলটোক ৰক্ষা কৰিবলৈ বিটিচি তথা অসম চৰকাৰক আহ্বান জনাইছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in