নগাঁৱত ৪১ খনকৈ চিকিৎসালয় বিধ্বস্ত : ৩১৭ খনকৈ গাঁও বানৰ মাজত…

নগাঁৱত ৪১ খনকৈ চিকিৎসালয় বিধ্বস্ত : ৩১৭ খনকৈ গাঁও বানৰ মাজত…

ডিজিটেল সংবাদ নগাঁও : নগাঁও জিলাৰ কামপুৰ আৰু কঠিয়াতলি ৰাজহ চক্ৰত জলপ্ৰলয় সৃষ্টি হোৱাৰ পিছত স্বাস্হ্য খণ্ডৰো ব্যাপক ক্ষতিসাধন হৈছে ৷ উক্ত এলেকাৰ সৰু বৰ চৰকাৰী খণ্ডৰ চিকিৎসালয় বানৰ কবলত পৰাত চিকিৎসালয় গৃহ সমূহৰ ব্যাপক ক্ষতি সাধন হৈছে ৷

প্ৰথমটো বানত ৪১ খনকৈ সৰু-বৰ চিকিৎসালয় বানত ক্ষতি সাধন হৈছে ৷ ফলত চিকিৎসালয় সমূহত ৰোগীক চিকিৎসা প্ৰদানৰ পৰিবেশ নোহোৱা হৈ পৰিছে ৷ চিকিৎসালয় সমূহ মেৰামতি নকৰা পৰ্যন্ত চিকিৎসা সেৱা প্ৰদানত সমস্যাৰ সৃষ্টি হব ৷

যুটীয়া স্বাস্হ্য সঞ্চালক ডা° অৰূপ জ্যোতি মহন্তই জনোৱা মতে চিকিৎসালয় সমূহ বানৰ কবলত পৰিলেও বৰ্ন্যাতক সকলো ধৰনৰ চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷ জানিব পৰা মতে নগাঁও জিলা স্বাস্হ্য বিভাগে বানবিধস্ত এলেকাত ৬৩ টা স্হিৰ দলে চিকিৎসা প্ৰদান কৰি আছে ৷

৩০ জনৰো অধিক চিকিৎসকে চিকিৎসা সেৱা দিনে ৰাতিয়ে প্ৰদান কৰি আছে ৷ ইয়াৰ বাহিৰেও প্ৰায় ১৮৯ জনকৈ চিকিৎসক কৰ্মীয়ে কাম কৰি আছে ৷ এই চিকিৎসা কৰ্মী সকলৰ মাজত আছে এ এন এম , জি এন এম , এম পি ডব্লিউ কৰ্মচাৰী ৷ স্হিৰ চিকিৎসা শিবিৰ সমূহত প্ৰয়োজনীয় ঔষধ মজুত থকা বুলি জানিব পৰা গৈছে ৷

কপিলী নদীৰ জলপৃষ্ঠ বিপদসীমাৰ তলেৰে বৈ আছে যদিও জিলাখনৰ বান পৰিস্হিতি শাম কটা নাই ৷ কামপুৰৰ ১০৭ খনকৈ গাঁও বৰ্তমানেও জলমগ্ন হৈ আছে ৷ একেদৰে ৰহাত ১২১ খন গাঁও বানৰ কবলত ৷ নগাঁৱৰ ৮৯ খনকৈ গাঁও বানতে আবদ্ধ হৈ আছে ৷ ৫১৬৮২২ লোক বানৰ কবলতে আছে ৷ কিছু সংখ্যক লোক ঘৰলৈ গৈছে যদিও জলপ্ৰলয়ত বিধস্ত হৈ পৰা ঘৰখনৰ বাবে পুনৰ আশ্ৰয় শিবিৰলৈ ঘূৰিব লগা পৰিবেশৰো সৃষ্টি হৈছে ৷ ইফালে জিলাখনৰ বিভিন্ন স্হানত আহি থকা বৰষূনক লৈ সমস্যাৰ সৃষ্টি হৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in