কোনে, কিয় ডিঙি ৰেপি হত্যা কৰিলে বিশেষভাৱে সক্ষম মহিলাক?

কোনে, কিয় ডিঙি ৰেপি হত্যা কৰিলে বিশেষভাৱে সক্ষম মহিলাক?

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ মাজপোটনিত চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ মহিলাক ডিঙি ৰেপি হত্যা কৰিলে দুৰ্বৃত্তই ৷ এই হত্যাকাণ্ডক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে নগাঁৱত ৷

আৰক্ষীৰ সন্দেহ মঙলবাৰে নিশা মহিলাগৰাকীক হত্যা কৰা হৈছে ৷ ডিঙিৰ সোঁফালে ৰেপি হত্যা কৰা হয় মহিলাগৰাকীক ৷ হত্যাৰ বলি হোৱা মহিলাগৰাকীৰ নাম হৈছে বিজু বৰা ৷ ৪৫ বছৰীয়া মহিলাগৰাকীক কিয় হত্যা কৰা হল বা কোনে হত্যা কৰিলে তাৰ তথ্য উদঘাটন কৰিব পৰা নাই আৰক্ষীয়ে ৷

বিজু বৰা নামৰ মহিলাগৰাকী অকলে বসবাস কৰি আহিছিল মাজপোটনিত ৷ বিশেষভাবে সক্ষম বিজু বৰাক বুধবাৰে দুপৰীয়া ৰক্তাক্ত ভাৱে ঘৰৰ মজিয়াত পৰি থকা অৱস্থাত উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in