নগাঁৱৰ বৰ্ন্যাতৰ কাষত ফটোগ্ৰাফাৰ এছ’চিয়েচন….

নগাঁৱৰ বৰ্ন্যাতৰ কাষত ফটোগ্ৰাফাৰ এছ’চিয়েচন….

ডিজিটেল সংবাদ নগাঁও : হাতত কেমেৰা নহয় ৷ কান্ধত নাই টাইপদ ৷ তেওঁলোকৰ হাতত আছে খাদ্যৰ টোপোলা ৷ বলীয়া বানৰ মাজত নাঁৱত উঠি বানত আবদ্ধ বৰ্ন্যাতৰ কাষত ঠিয় দিছে এদল যুৱকৰ দলে ৷

জুন মাহত নগাঁও জিলাত সৃষ্টি হোৱা মহাপ্ৰলয়ত হাহাকাৰৰ সৃষ্টি হোৱা বৰ্ন্যাতৰ কাষত ঠিয় দিয়া দলটো হৈছে নগাঁও ফটোগ্ৰাফাৰ এছ'চিয়েচন ৷ ফটোগ্ৰাফাৰ এছ'চিয়েচনে ২৩ জুনত ৰহাৰ দীঘলদৰিত তিনিখন নাঁও লৈ পানী বটল , ব্ৰেড , চকলেট , বিস্কুত , চেনিটাৰী নেপকিন আদি বৰ্ন্যাতৰ মাজত বিতৰন কৰে ৷

২৬ জুনটো এছ'চিয়েচনে বৰকলাত আশ্ৰয় শিবিৰত প্ৰায় দুশ লোকে নিজে ৰান্ধি দুপৰীয়াৰ এসাজ আহাৰ যোগান ধৰে ৷ লগতে ডাকৰঘাট আঞ্চলত বিস্কুত, পানী বটল, শিশুক চকলেট, চেনিটাৰী নেপকিন আদি বিতৰন কৰে ৷

কোভিডৰ সময়ত কৰ্মহীন হৈ পৰা নগাঁৱৰ ফটোগ্ৰাফাৰ সকল একগোট হৈ গঠন কৰিছিল নগাঁও ফটোগ্ৰাফাৰ এছ'চিয়েচন নামৰ সংগঠনটো ৷ এই সংগঠনটিয়ে গাঠি ধন খৰচ কৰি বৰ্ন্যাতক সহায় কৰিবলৈ আগবাঢ়ি অহাটো প্ৰশংসনীয় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in