আলহী যাবগৈ…

আলহী যাবগৈ…

মৃদুল কুমাৰ সন্দিকৈ

আলহী সদায় নাথাকে। তেওঁলোকে আলহী হৈ আহিছিল। ৰাজনৈতিক আলহী। কিছু দিন গুৱাহাটীৰ পঞ্চতাৰকা হোটেলত তেওঁলোকে বিশ্ৰাম ল'লে। তাৰ পাছত তেওঁলোকে গুৱাহাটী এৰিলে। গণি গণি ৮ দিন আমাৰ আলহী হৈ তেওঁলোকে থাকিলেহি।

কেনে বা পালে? কি বা খালে? সেই সকলোবোৰ চিন্তা প্ৰত্যক্ষ ভাৱে নহ'লেও পৰোক্ষ ভাৱে চৰকাৰে কৰিলে। পুৱতি নিশা চুৰাটৰ পৰা গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰ আহি পাওঁতেই কিমান যে খদমদম লাগিছিল ! বিমানবন্দৰত তেওঁলোকক আদৰিবলৈ আমাৰ বিধায়ক সুশান্ত বৰগোঁহাইকে ধৰি কেইবাজনো ৰৈ আছিল।

তাৰ পাছত কমখন নাটক নে তেওঁলোকক লৈ! মুখ্যমন্ত্ৰীয়ে ক'লে এই বানৰ সময়ত হোটেলবোৰ খালী থাকে। আলহী আহিছে ভালহে। অন্তত ৰাজ্য চৰকাৰে জি এছ টিৰ ৰূপত টকা কেইটামান পাব। যিমানেই আলহী আহে সিমানেই ভাল।

এনেকুৱা আলহী ইয়াৰ পাছত হয়তো গুৱাহাটীলৈ আহিয়েই থাকিব ! ৰজাৰ ভঙা-পতা খেল সকলোৱেই খেলিব নাজানে। খেলিব বহুতেই বিচাৰে কিন্তু এনেকৈ নিপুণ ভাৱে খেলিব পৰা লোক কেইজননো আছে? আমাৰ জনে কিন্তু সেই খেল খেলেও জিকেও।

সেয়ে হয়তো গুৱাহাটীলৈ ইমান টান হৈছিল শিৱ সেনাৰ বিধায়কসকলৰ ! একনাথ সিন্দেৰ নেতৃত্বত তেওঁলোক সুৰক্ষিত ঠাই বিচাৰি বাহৰ পাতিছিল ৰেডিশ্যন ব্লুত। বানপানীয়ে চৌদিশে তাণ্ডৱ চলোৱাৰ সময়ত ৰাষ্ট্ৰীয় চেনেল, বাতৰি কাকতৰ অসমৰ প্ৰতি দৃষ্টি পৰা নাছিল।

কিন্তু উদ্ধৱ থাকৰে চৰকাৰ ভাঙিবলৈ ৰেডিশ্যন ব্লুত বহি এই অংক কৰি থকা ৪৯ জন বিধায়কৰ উপস্থিতিয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমকো গুৱাহাটীলৈ মাতি আনিলে। অসমৰ সংবাদ মাধ্যমো পিছ পৰি নৰ'ল। কেৱল মহাৰাষ্ট্ৰ, ৰেডিশ্যন ব্লু হৈ থাকিল এইকেইদিন।

মানুহৰ শুনি শুনি আমনি লাগি গৈছে। কোনো কোনোৱে কৈয়ে দিছিল , আলহীয়ে ভালে ভালে যাওক। নহ'লে খেদা খাব। সকলো খবৰ জানিও নজনা ভাও ধৰা লোকো আছিল। তেওঁলোকে অম্বুবাচীৰ সময়ত কাজিৰঙা, কামাখ্যা চাবলৈ অহা বুলি কৈ ৰাজনীতিৰ সঠিক খবৰ দিয়াৰ পৰা বিৰত আছিল।

সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি কোনো যে কি কি কথা ক'লে এইসকলক ৰাজনৈতিক আলহীক লৈ ! মহাৰাষ্ট্ৰৰ মহাবিদ্ৰোহৰ মহানাটক আছিল এইখন। দেৱন্দ্ৰ ফাৰনাৱিছে দিল্লীত কথা পাতি মহাৰাষ্ট্ৰৰ ৰাজ্যপালক চৰকাৰ গঠন কৰিবলৈ আৰ্জি কৰি উদ্ধৱ থাকৰেৰ চৰকাৰৰ সংখ্যাগৰিষ্ঠতা নাই বুলি দাবী তুলি আস্থা ভোটৰ পৰিৱেশ ৰচনা কৰিলে।

তেতিয়াহে এই মহানাটকৰ আনুষ্ঠানিক মেৰপাক খোল খালে। তাৰ আগতে মানুহে সকলো বুজিছিল। গুৰাটৰ চুৰাটৰ লি মেৰিডিয়ান হোটেলৰ পৰা গুৱাহাটীৰ ৰেডিশ্যন ব্লু লৈকে কিয় ইমান দৌৰা দৌৰি কৰা হৈছিল ! তেওঁলোকৰ এই শ্বাসৰুদ্ধ গোপন পৰিকল্পনা হিন্দুত্ব ৰক্ষা বুলিও প্ৰচাৰ চলালে।

মহাৰাষ্ট্ৰৰ জাতীয়তাবাদৰ ধ্বজ্জা উৰুওৱা শিৱসেনাৰ এই অধোগমন ক্ষমতা আৰু পৰিয়াল কেন্দ্ৰিক সংঘাতৰ বাবে পূৰ্বতেও হৈছিল। কিন্তু এইবাৰ পৃথক আছিল সেই দৃশ্যপট। বালা থাকেৰৰ নাম সকলোকে লাগে। জানে তাত আৱেগ আছে। সেই আৱেগৰ জোৰতেই ক্ষমতা দখল কৰা উদ্ধৱ থাকৰেয়ে হাত দাঙি দিবলৈ বাধ্য হ'ল।

ইমান যে চাচপেন্স ভৰা আছিল এই ৰাজনৈতিক নাটকখনৰ। কোনোবা বলিউডৰ পৰিচালকে যেন দৃশ্যপট লিখি দিছিল। সম্ভাৱনা বহু থকাৰ পিছতো দিনে দিনে সলনি হৈছিল প্ৰেক্ষাপট। ন্যায়ালয়ৰ কাষ পাইছিলগৈ ১৬ বিধায়কক যোগ্যতাহীন ঘোষণা কৰিবলৈ মহাৰাষ্ট্ৰৰ বিধানসভাৰ উপাধ্যক্ষই দিয়া জাননী কেন্দ্ৰিক বিষয়টো।

চাৰ্টাৰ্ড প্লেনেৰে তেওঁলোক আহিল আৰু গ'ল। মহাৰাষ্ট্ৰত বিসম্বাদী বিধায়কসকলৰ একাংশ বিধায়কৰ কাৰ্যালয়ত আক্ৰমণ চলিল শিৱ সেনাৰ সমৰ্থকৰ। দিল্লীৰ কোনো নেতা গুৱাহাটীলৈ নাহিল। হয়তো হট লাইনত সকলো সম্পৰ্ক ৰক্ষা কৰি যি নিৰ্দেশনা দিবলগা আছিল সেয়া দি গৈছিল।

এদিনতে ৮ লাখ টকাকৈ খোৱা বিল, হোটেলৰ কোঠাৰ নামত অৰ্ধ কোটি টকা বিল এইবোৰ খবৰক লৈ বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। গুৱাহাটীত থকাত কৈ মুম্বাইলৈ আহিবকৈ সঞ্জয় ৰাৱটে চিঞঁৰ বাখৰ কৰি থকাৰ বাবে পুৰণি গোচৰ খুচৰি এখন নহয় দুখনকৈ ইডিয়ে চমনো দিলে।

সঞ্জয় ৰাৱটে সেই চমন পায়ো ক'লে- এইবোৰ ভয়ে মোক গুৱাহাটীৰ ৰাস্তা দেখুৱাব নোৱাৰে। আনাস্থা প্ৰস্তাৱৰ বাবে মহাৰাষ্ট্ৰৰ ৰাজ্যপালে ৩০ জুনত বিশেষ মহাৰাষ্ট্ৰৰ বিশেষ অধিৱেশন আয়োজন কৰাৰ বিৰুদ্ধে ইয়াক অসাংবিধানিক আখ্যা দি উচ্চতম ন্যায়ালয়ক কাষ চাপিছিল উদ্ধৱ থাকৰে বাহিনী।

কিমানবোৰ যে ঘটনা প্ৰৱাহ ঘটি গ'ল। অসমবাসীয়ে বানত ককবকাই থকাৰ মাজত মহাৰাষ্ট্ৰৰ ৰাজনীতৰ এই ভূমিকম্পৰ অভিকেন্দ্ৰ হৈ আছিল ইমান দিনে গুৱাহাটী। উভতাৰ পূৰ্বে কামাখ্যালৈ গ'ল বিসম্বাদী বিধায়কসকল। একনাথ সিন্দেৰ নেতৃত্বত মা কামাখ্যাৰ আশীৰ্বাদ লৈ ক'লে-মহাৰাষ্ট্ৰৰ কুশল, কামনাৰে তেওঁলোকে কামাখ্যাত আশীষ বিচাৰিলে।

বিলাসী বাছৰ শেষৰটো ছীটত বহি মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ সংগী হ'ল মন্ত্ৰী পীযুষ হাজৰিকা, সাংসদ পল্লৱ লোচন দাস, বিধায়ক দিগন্ত কলিতা। খাকী পোছাকত থাকিলে বহুতো অসুবিধা। সেয়েহে সাধাৰণ পোছাকত থাকি তেওঁলোকৰ কাষতে থাকি শেষ ছীটত বহি মনখুলি কথা পাতিলে আৰক্ষী বিষয়াইও।

এয়াহে আতিথ্য। ইয়াতকৈ আৰু কি কৰিব পাৰে অতিথিক? আলহী বেছি দিন থাকিলে মৰম কমে। লাহে লাহে সংবাদ মাধ্যমৰো আকৰ্ষণ কমিছিল তেওঁলোকক লৈ । কোনোৱে কৈছিল কামাখ্যাৰ পৰা বাহিৰ বাহিৰে তেওঁলোক উভতিব। গোৱাত তেওঁলোকৰ বাবে হোটেল ঠিক কৰা আছে।

বৰঝাৰত চাৰ্টাৰ্ড বিমান ৰখাই থোৱা আছিল। সেই বিমানৰে পাইলটে ছয়মাইলৰ বীয়েৰ বাৰত সুৰা সেৱন কৰি কাজিয়াত লিপ্ত হৈ আৰক্ষীৰ আলহীও হৈছিল। পিছে তেওঁকনো কিমান সময় ৰখাব পাৰে পুলিচে? সোমাল, ওলাল। বহু উপ-কাহিনীৰে ভৰা গুৱাহাটীত মঞ্চস্থ হোৱা মহাৰাষ্ট্ৰৰ মহা বিসম্বাদৰ এই নাটকখন।

হয়তো চৰকাৰ তেওঁলোকেই কৰিব। বিধানসভাৰ বিধায়কৰ সংখ্যা বিজেপিৰেই অধিক। সেয়েহে বিজেপিৰ পৰাই মুখ্যমন্ত্ৰী হ'ব। বিসম্বাদী বিধায়কসকলক লৈ ফুৰা একনাথ সিন্দেৰ বাবেও কিবা এটা থাকিব। তেওঁ উপ-মুখ্যমন্ত্ৰীৰ পদ পাব বুলি কথাও ওলাইছে।

কোনে কোনে মন্ত্ৰী পদ পাব তাৰ তালিকাও বনালে গুৱাহাটীতেই। গুৱাহাটীৰ এই চফৰ তেওঁলোকৰ বাবে বিৰক্তীকৰ নাছিল। এক সফল ৰাজনৈতিক যাত্ৰাৰ আশ্ৰয়স্থল হিচাপে গুৱাহাটীক হয়তো তেওঁলোকে মনত ৰাখিব। যোৱাৰ সময়ত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকা দি গ'ল।

ইয়াৰ পাছত গুৱাহাটীৰ কথা তেওঁলোকে মনত ৰাখক বা নাৰাখক, গুৱাহাটীবাসীয়ে, অসমবাসীয়ে সদায় এই কথা মনত ৰাখিব। গুৱাহাটী এতিয়া সৰু চহৰ নহয়, গুৱাহাটীতো কিছু মানুহ আছে আঁৰতেই থাকি মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যৰ চৰকাৰ ভঙা পতাৰ খেলৰ অদৃশ্য খেলুৱৈ হ'ব পৰাকৈ যোগ্যতা আছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in