ৰাইজৰ সেৱা ! ঔম স্বাহা…

ৰাইজৰ সেৱা ! ঔম স্বাহা…

তুষাৰ প্ৰতিম

গৰম হৈ আছে দেশৰ ৰাজনৈতিক বতাহ। কেতিয়া, কোন দিশে এই বতাহে গতি কৰে তাৰ কোনো নিশ্চয়তা নাই। ৰাজনীতিৰ এই উত্তপ্ত বাতহজাকে চুই গৈছে আটাইকেইখন ৰাজ্যক। কি ৰাষ্ট্ৰীয় সংবাদ মাধ্যম, কি ৰাজ্যিক সংবাদ প্ৰতিষ্ঠান, সকলো এতিয়া ৰাজনৈতিক চৰ্চাত ব্যস্ত।

মহাৰাষ্ট্ৰৰ বিসম্বাদে দেশৰ ৰাজনীতিত সৃষ্টি কৰিছে অভাৱনীয় পৰিৱেশ। অসমৰ হোটেলত নিৰ্ভৰ কৰিছে মহাৰাষ্ট্ৰ বিধানসভাৰ স্থায়িত্ব। কেতিয়া, কোন সময়ত বৰ্তমানৰ চৰকাৰ ভংগ হয় তাৰ কোনো নিশ্চয়তা নাই। আনহাতে কেইবাখনো ৰাজ্যত অতি শেহতীয়াকৈ অনুষ্ঠিত হৈ গৈছে উপ-নিৰ্বাচন। এই নিৰ্বাচনক কেন্দ্ৰ কৰি সৃষ্টি হৈছে সংঘাট।

ইফালে ১৮ জুলাইত আকৌ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন। গতিকে এনে এক পৰিৱেশ, পৰিস্থিতিত দেশৰ ৰাজনীতি গৰম হৈ থকাটো অতি স্বাভাৱিক কথা। পিছে আমি এই লেখাত বৰ্তমানৰ ৰাজনীতিৰ এই গৰম বা উত্তপ্ত পৰিস্থিতিৰ কথা আলোচনা কৰিব বিচৰা নাই। আমাৰ আলোচনাৰ বিষয় বেলেগ। অৱশ্যে এই আলোচনা ৰাজনীতিৰ লগত আছে প্ৰত্যক্ষ সম্পৰ্ক।

মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কক লৈ দেশৰ লগত অসমৰ সংবাদ মাধ্যমো এই কেইদিন ব্যস্ত হৈ আছে। ঘনে ঘনে আহিছে ব্ৰেকিং নিউজ। ব্ৰেকিঙৰ আশাত হোটেল ৰেডিশ্যন ব্লুৰ সন্মুখত বাহৰ পাতি আছে সাংবাদিকৰ দল। অসমৰ ৰাজনীতিত বিসম্বাদ নতুন কথা নহয় যদিও মহাৰাষ্ট্ৰৰ বিসম্বাদৰ কেন্দ্ৰবিন্দু অসম হৈ পৰাৰ বাবেই অসমৰ সংবাদ মাধ্যমতো এই বিসম্বাদী বিধায়কসকলক লৈ সৃষ্টি হৈছে নানান উৎসুকতা।

এই বিধায়ক বোৰে বাৰু আজিৰ তাৰিখত কি কি সুবিধা লাভ কৰে? কিমান তেওঁলোকৰ বেতন? বিধায়ক হোৱাৰ ফলত তেওঁলোকে কি কি লাভ কৰে? কিয় এই বিধায়কসকলৰ ক্ষমতা দখলৰ ইমান লোভ? ৰাইজৰ সেৱা, নে আন কিবা কাৰণত হে এইসকল লোকে বিধায়ক হৈছে? এই প্ৰশ্নবোৰ নিশ্চয় চাগে আপোনাৰো মনত উদয় হয়।

আজি এই প্ৰশ্ন বোৰৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। ৰাজনীতি যে এতিয়া সেৱা নহৈ এক পেচা হে সেই কথা জনাবলৈ চেষ্টা কৰিম। আপুনি জানি আচৰিত হ'ব ৰাইজৰ সেৱা কৰিবলৈ অহা এই বিধায়ক সকলে লাভ কৰে ভাবিব নোৱাৰা ধৰণে সুবিধা। বিনামূলীয়াকৈ লাভ কৰে মোবাইল ৰিচাৰ্জৰ পৰা আৰম্ভ কৰি বাহনৰ ইন্ধনলৈ।

কোন ৰাজ্যত কিমান দৰমহা

তথ্য অনুসৰি সৰ্বাধিক দৰমহা লাভ কৰা বিধায়কসকল হ'ল তেলংগানাৰ বিধায়কসকল। তেওঁলোকে আজিৰ তাৰিখত লাভ কৰি আছে ২ লাখ ৫০ হাজাৰ টকা। বিহাৰৰ বিধায়কসকলে লাভ কৰে ১ লাখ ২৫ হাজাৰ টকাৰ দৰমহা। অন্ধ্ৰপ্ৰদেশৰ বিধায়কে লাভ কৰে ১ লাখ ২৫ হাজাৰ। ছত্তিশগড়ৰ বিধায়কে লাভ কৰে ১ লাখ ৩৫ হাজাৰ টকা দৰমহা।

গোৱাৰ বিধায়কসকলে ১ লাখ, গুজৰাটৰ বিধায়কসকলে ১ লাখ ২৭ হাজাৰ, হাৰিয়াণাৰ বিধায়কে ১ লাখ ১৫ হাজাৰ, হিমাচল প্ৰদেশৰ বিধায়কসকলে ১ লাখ ২৫ হাজাৰ, জন্মু আৰু কাশ্মীৰৰ সকলে ১ লাখ ৬০ হাজাৰ, ঝাৰখণ্ডৰ বিধায়কে ১ লাখ ৫১ হাজাৰ টকা দৰমহা লাভ কৰে।

একেদৰে কৰ্ণাটকৰ বিধায়কে ৬৩ হাজাৰ ৫০০ টকা, কেৰালাৰ বিধায়কে ৪৩ হাজাৰ ৭৫০ টকা, মহাৰাষ্ট্ৰৰ বিধায়কে ১ লাখ ৬০ হাজাৰ, মণিপুৰৰ বিধায়কে ১ লাখ ১২ হাজাৰ, মেঘালয়ৰ বিধায়কে ২৭ হাজাৰ ৭৫০ টকা, মিজোৰামৰ বিধায়কে ৬৫ হাজাৰ, নাগালেণ্ডৰ বিধায়কে ৩৫ হাজাৰ, ওড়িষ্যৰ বিধায়কে ৩৫ হাজাৰ টকা দৰমহা লাভ কৰি আছে।

পঞ্জাৱৰ বিধায়কে ১ লাখ ১০ হাজাৰ, ৰাজস্থানৰ বিধায়কে ৫৫ হাজাৰ, ছিকিমৰ বিধায়কে ৫২ হাজাৰ টকা, তামিল নাডুৰ বিধায়কে ১ লাখ ১৩ হাজাৰ, মধ্যপ্ৰদেশৰ বিধায়কে ২ লাখ ১০ হাজাৰ, ত্ৰিপুৰাৰ বিধায়কে ২৫ হাজাৰ ৮৯০ টকা, উত্তৰ প্ৰদেশৰ বিধায়কে ১ লাখ ৮৭ হাজাৰ টকা, উত্তৰাখণ্ডৰ বিধায়কে ৩৫ হাজাৰ টকা, ৱেষ্ট বেংগলৰ বিধায়কে ৫২ হাজাৰ আৰু পুডুচেৰীৰ বিধায়কে লাভ কৰি আছে ১ লাখ ৫ হাজাৰ টকা দৰমহা। অৰুণাচল প্ৰদেশৰ বিধায়কে ২৫ হাজাৰ টকা লাভ কৰে।

অসমৰ বিধায়কসকলে আজিৰ তাৰিখত লাভ কৰি আছে ৮০ হাজাৰ টকাৰ দৰমহা। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ বিধায়কসকলেই লাভ কৰি আছে সৰ্বাধিক দৰমহা। আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ বিধায়কসকলৰ ভিতৰত আটাইতকৈ কম দৰমহা লাভ কৰি আছে অৰুণাচল প্ৰদেশৰ বিধায়কসকলেই।

উল্লেখ্যে যে এইয়া কেৱল তেওঁলোকৰ দৰমহা হে। বিভিন্ন সংস্থাই প্ৰকাশ কৰিছে এই তালিক। এই দৰমহাৰ উপৰিও বিধায়কসকলে লাভ কৰে আন বহু সুবিধা।

দৰমহাৰ উপৰিও লাভ কৰে এইসমূহ সুবিধা

ভাৰতৰ বিভিন্ন ৰাজ্যৰ বিধায়কসকলে দৰমহাৰ উপৰিও আন বহু সুবিধা লাভ কৰে। এই সুবিধাসমূহৰ ভিতৰত আছে ভ্ৰমণ ভাট্টা, সমষ্টি ভাট্টা, চেকেট্ৰেৰিয়েল ভাট্টা। ইয়াৰ উপৰিও বিধায়কসকলে লাভ কৰে বাহনৰ ভাট্টা। ২০১৪ চনৰ হিচাপত বিধায়কসকলে গড়ে ২০০ লিটাৰ পেট্ৰ'ল লাভ কৰে। ইয়াৰ উপৰিও লাভ কৰে বিধায়ক আৱাস আৰু সমষ্টিত থকা নিজ ঘৰত টেলিফোনৰ সুবিধা আৰু ইয়াৰ বিনিময়ত লাভ কৰে এক নিৰ্ধাৰিত ধন।

ভাৰতৰ প্ৰতিখন ৰাজ্যৰ সমষ্টি ভাট্টা যদিও সমান নহয় তথাপিও সমষ্টি ভাট্টা হিচাপে গড়ে ১০ হাজাৰ টকা লাভ কৰে বিধায়কসকলে। একেদৰে বিভিন্ন অনুষ্ঠানৰ নামত লাভ কৰে ৫ হজাৰ টকা। চেকেট্ৰেৰিয়েল ভাট্টা হিচাপেও লাভ কৰে ৫ হাজাৰ টকা।

এক লিটাৰ পেট্ৰ'লত ৬৯.১২ টকা হিচাপত (২০১৪ অনুসৰি) মাহে ২০০ লিটাৰ পেট্ৰ'ল লাভ কৰে বিধায়কসকলে।ইয়াৰ বিনিময়ত তেওঁলোকে ১৩ হাজাৰ ৮২৪ টকা লাভ কৰে। যিসময়ত এটা মাত্ৰ মোবাইল ৰিচাৰ্জ কৰিয়েই মাহটোৰ বাবে বিভিন্ন জনৰ লগত আনলিমিটেড কথা পাতিব পাৰি সেই সময়তো কিন্তু এই বিধায়কসকলে লাভ কৰি আছে টেলিফোনৰ বিল।

বিধায়ক আৱাসৰ টেলিফোন বিলৰ নামত লাভ কৰে ৩০০০ টকা আৰু সমষ্টিত থকা টেলিফোনৰ বিলৰ বাবে তেওঁলোকে লাভ কৰি আছে ২৫০০ টকা।

অধিৱেশন/বৈঠকৰ বাবেও লাভ কৰে ধন

বিধায়কসকলে প্ৰতি বছৰে অনুষ্ঠিত হোৱা অধিৱেশনসমূহত অংশগ্ৰহণ কৰাৰ বাবেও লাভ কৰে ধন। গ্ৰীষ্মকালীন অধিৱেশন, শীতকালীন আৰু বাজেট অধিৱেশনত উপস্থিত থকাৰ বাবে বিধায়কসলে প্ৰতি দিনে লাভ কৰে ২ হাজাৰকৈ টকা।

বিধানসভাৰ অন্তৰ্গত বিভিন্ন কমিটী আছে। এই কমিটীসমূহত বিধায়কসকলক সভাপতিকে ধৰি বিভিন্ন পদবীত ৰখা হয়। এই কমিটীবোৰৰ সময়ে সময়ে বৈঠকত মিলিত হয়। এই বৈঠকত অংশগ্ৰহণ কৰাৰ বাবেও তেওঁলোকে লাভ কৰে প্ৰতি দিনে ২০০০ কৈ টকা।

ৰে'ল আৰু বিমানৰ টিকটো লাভ কৰে বিধায়কে

বিধায়কসকলে সংসদীয় কমিটীৰ বৈঠকত অংশগ্ৰহণৰ বাবে যদি ৰে'ল বা বিমানৰ জৰিয়তে ভ্ৰমণ কৰে তেন্তে তেওঁলোকে কিছু সুবিধা লাভ কৰে। ৰে'লত তেওঁলোকে এটা নন ট্ৰেঞ্চফাৰেবল প্ৰথম শ্ৰেণীৰ বাতানুকুল টিকট লাভ কৰে। বিমানৰ ক্ষেত্ৰত টিকটৰ মূল্যৰ তেওঁলোকে ৪ ভাগৰ ১ ভাগ দিলেই হ'ল। আনহাতে নিজা বাহন লৈ আহিলে লাভ কৰে প্ৰতি কিলোমিটাৰত ১৬ টকা।

আৰু কি কি সুবিধা লাভ কৰে

বিধায়কসকলে লাভ কৰে বিনামূলীয়া স্বাস্থ্যৰ সেৱা। তেওঁলোকে যিকোনো চৰকাৰী চিকিৎসালয়ত নিজৰ লগতে পৰিয়ালৰ সদস্যসকলৰ চিকিৎসা বিনামূলীয়াকৈ কৰাৰ সুবিধা লাভ কৰে। বিধায়কগৰাকীৰ যদি কোনো কাৰণত মৃত্যু হয় তেন্তে তেওঁৰ পত্নী বা জীয়ৰীয়ে লাভ কৰে ৫০ শতাংশ দৰমহা।

মুখ্যমন্ত্ৰীৰ দৰমহা

ওপৰত কেৱল বিধায়কসকলৰ দৰমহা আৰু তেওঁলোকে লাভ কৰা সুবিধাৰ কথাহে উল্লেখ কৰা হৈছে। মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীসকলে বিধায়কৰ তুলনাত অধিক দৰমহা আৰু সুবিধা লাভ কৰে। যিদৰে ৰাজ্য ভেদে বিধায়কৰ দৰমহা ভিন ভিন ঠিক একেদৰে মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ দৰমহাও ৰাজ্য ভেদে ভিন ভিন।

তেলংগানাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ তাৰিখত দৰমহাৰ লগতেসকলো ধৰণৰ ভাট্টা মিলাই লাভ কৰি আছে ৪ লাখ ১০ হাজাৰ টকা। একেদৰে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে ৩ লাখ ৯০ হাজাৰ, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে ৩ লাখ ৬৫ হাজাৰ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে ৩ লাখ ৪০ হাজাৰ টকা দৰমহা লাভ কৰি আছে।

একেদৰে অন্ধ্ৰপ্ৰদেশৰ বিধায়কে ১ লাখ ২৫ হাজাৰ, গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে ৩ লাখ ২১ হাজাৰ, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে ৩ লাখ ১০ হাজাৰ, হাৰিয়াণাৰ মুখ্যমন্ত্ৰীয়ে ২ লাখ ৮৮ হাজাৰ, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে ২ লাখ ৭২ হাজাৰ, ছত্তিশগড়ৰ মুখ্যমন্ত্ৰীয়ে ২ লাখ ৩০ হাজাৰ টকা দৰমহা লাভ কৰে।

পঞ্জাৱত ২ লাখ ৩০ হাজাৰ টকা, গোৱাত ২ লাখ ২০ হাজাৰ টকা, বিহাৰত ২ লাখ ১৫ হাজাৰ, তামিলনাডুত ২ লাখ ৫ হাজাৰ, কৰ্ণাটকত ২ লাখ, ছিকিমত ১ লাখ ৯০ হাজাৰ, কেৰালাত ১ লাখ ৮৫ হাজাৰ, ৰাজস্থানত ১ লাখ ৭৫ হাজাৰ, উত্তৰাখণ্ডত ২ লাখ ৪ হাজাৰ, ওড়িষ্যত ১ লাখ ৬০ হাজাৰ, পুডুচেৰিত ১ লাখ ২০ হাজাৰ পশ্চিমবংগত ১ লাখ ১৭ হাজাৰ টকা মুখ্যমন্ত্ৰীয়ে লাভ কৰে।

আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰীজনে ১ লাখ ৬০ হাজাৰ, মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে ১ লাখ ৫০ হাজাৰ, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে ১ লাখ ৩৩ হাজাৰ, মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে ১ লাখ ২০ হাজাৰ, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ১ লাখ ৫৫ হাজাৰ, নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে ১ লাখ ১০ হাজাৰ, মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে ১ লাখ ১৪ হাজাৰ টকা দৰমহা লাভ কৰে।

এয়া আছিল কেৱল বিভিন্ন সূত্ৰত প্ৰকাশিত বিধায়ক তথা মুখ্যমন্ত্ৰীসকলৰ দৰমহা আৰু তেওঁলোকে লাভ কৰা চৰকাৰী ভাট্টাৰ আনুষ্ঠানিক হিচাপ। এই কথা নকলেও সকলোৱে বুজি পাই দেশৰ ৰাজনৈতিক নেতাসকল বক্ৰ পথেৰে অৰ্থাত দুৰ্নীতিত নুিমজ্জিত হৈ কিমান ধন আহৰণ কৰে।

যিমানেই আঁচনি সিমানেই ধন। দুৰ্নীতিত লিপ্ত থকাৰ বাবেই এই মন্ত্ৰী, বিধায়কসলে আজিৰ তাৰিখত শ শ কোটি টকাৰ গৰাকী হোৱাৰ লগতে পৰ্বতসম সম্পত্তি আহৰণ কৰিছে। আনহাতে তেওঁলোকে লাভ কৰিছে অলিখিত বহু ক্ষমতা। যি ক্ষমতাৰ ৰাগীত তেওঁলোকে কৰিব পাৰে সংবিধান বৰ্হিভূত বহু কাম।

মন গলেই ক্ষমতাত থকা মন্ত্ৰী, বিধায়কে ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ নজিৰ প্ৰতি মুহূৰ্ততে লাভ কৰি আহিছে দেশবাসীয়ে। গতিকে এই মন্ত্ৰী, বিধায়কসকলৰ দুৰ্নীতি তথা ক্ষমতাৰ অপব্যৱহাৰৰ কথা নতুনকৈ ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই।

ৰাজনৈতিক নেতা বোৰে মুখ মেলিলেই ৰাইজৰ সেৱাৰ কথা কয়। তেওঁলোকে ৰাইজ তথা, সমাজৰ সেৱা কৰিবলৈ ৰাজনীতি কৰা বুলি উল্লেখ কৰিবলৈ কুণ্ঠাবোধ নকৰে। কিন্তু ৰাইজৰ সেৱাৰ নামত আজিৰ তাৰিখত, য'ত ২৯৯ টকাৰ এটা মাত্ৰ ৰিচাৰ্জ কৰিয়েই সকলোৰে লগত অপৰ্যাপ্ত সময় কথা পাতিব পাৰি সেই সময়ত বিধায়ক আৱাস আৰু সমষ্টিৰ নিজা ঘৰত থকা টেলিফোনৰ বিনিময়ত লাভ কৰি আহিছে ধন।

দৰমহা, বিভিন্ন ধৰণৰ ভাট্টাৰ লগতে বহু সা-সুবিধা লাভ কৰা এই মন্ত্ৰী বিধায়কসকলে এতিয়াও তেওঁলোকৰ দৰমহা বৃদ্ধিৰ কথা উত্থাপন কৰি আছে। অপৰ্যাপ্ত ধন আৰু সুবিধা লাভ কৰাৰ পিছতো তেওঁলোকক ৰাইজৰ সেৱা কৰিবলৈ আৰু অধিক ধন লাগে। এই কথাত শাসক, বিৰোধী সকলো এক মত।

ৰাইজৰ প্ৰতিনিধি হৈ বিধানসভাত অংশলোৱা এইসকল বিধায়কে কিন্তু ৰাইজৰ সেৱাৰ কথা ক'লেও ৰাইজৰ মৌলিক সমস্যা সমাধানত কোনো গুৰুত্ব নিদিয়ে। কি মূল্যবৃদ্ধি, কি সামগ্ৰীৰ নাটনি; এইবোৰ তেওঁলোকৰ বাবে বিশেষ চিন্তনীয় বিষয় নহয়। গতিকে ৰাইজৰে সেৱা কৰিবলৈ যোৱা এইসকলেই ৰাইজৰ ধনৰে বিলাসীতা কৰিছে।

ৰাইজৰ প্ৰতিনিধি হৈ, ৰাইজৰ হকে মাত মাতিবলৈ বিধানসভালৈ গৈ এইসকল বিধায়কে ৰাইজৰ সেৱা কৰিছে। যি সেৱাৰ বাবে তেওঁলোকে লৈছে লাখৰ ঘৰত দৰমহা আৰু সকলো বিনামূলীয়া সুবিধা। সেয়েহে ৰাইজৰ সেৱা কৰিবলৈকে ধনৱন্ত সকলে ৰাইজৰে প্ৰতিনিধি হ'বলৈ কোটি টকা খৰচ কৰিছে আৰু অপৰ্যাপ্ত ক্ষমতা, ধন, সুবিধাৰে ৰাইজৰ সেৱা কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in