কৃতি শিক্ষক মাধুৰ্য বৰাৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ…

কৃতি শিক্ষক মাধুৰ্য বৰাৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ…

ডিজিটেল সংবাদ নগাঁও : নগাঁৱৰ কৃতি শিক্ষক মাধুৰ্য বৰাৰ পৰলোকপ্ৰাপ্তি ৷ ৫২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বৰাই ৷ শনিবাৰে সন্ধিয়া কৃতি শিক্ষক মাধুৰ্য বৰাৰ পৰলোকপ্ৰাপ্তিৰ বাতৰি প্ৰচাৰ হোৱাত নগাঁৱত শোকৰ ছাঁ পৰিছে ৷

নগাঁৱৰ গুৰুকুল গ্ল'বেল একাডেমিত শিক্ষকতা কৰা মাধুৰ্য বৰাৰ মৃত্যু নগাঁৱৰ শৈক্ষিক ক্ষেত্ৰখনৰ বাবে বৃহৎ ক্ষতি ৷ তীক্ষ্ন মেধা সম্পন্ন, নিয়মানুবৰ্তী শিক্ষক বৰাৰ মৃত্যুয়ে নগাঁৱৰ শিক্ষাৰ্থী সমাজক ম্ৰিয়মান কৰি তুলিছে ৷

নগাঁৱৰ ফৌজদাৰীপট্টিৰ নিবাসী প্ৰয়াত বৰাই মৃত্যুৰ সময়ত পিতৃ, পত্নী, কন্যাক এৰি থৈ গৈছে ৷ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱতি লোৱা বৰা প্ৰয়াত বিধায়ক ফণী বৰাৰ ভটিজাক আছিল ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in