২০১৯ত ছবিগৃহত ৰাজত্ব কৰা ৫খন হিট ছবি…

২০১৯ত ছবিগৃহত ৰাজত্ব কৰা ৫খন হিট ছবি…

ডিজিটেল ডেস্কঃ ২০১৯ বৰ্ষতো বহু উঠা-নমাৰ মাজত প্ৰায় শেষ হ'বৰ হ'ল।নৱবৰ্ষত ন ন পৰিকল্পনাৰে সকলোৱে আৰু এটা বছৰ ভাল-বেয়াৰ মাজেৰে পাৰ কৰিবলৈ যেন সাজুহৈ পৰিছে। ঠিক একেদৰে বলিউড জগতৰো বহু কেইখন ছবি হিট হ'ল যদিও, আন কেইবাখনো ছবিয়েদৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম নহ'ল।

আনহাতে, ২০১৯ বৰ্ষত কেইখনমান ছবিএনেও আছিল যিকেইখনে কেৱল দৰ্শকত এক বিশেষ স্থান লাভ কৰাৰ লগতে বস্ক অফিচতো ভালেপৰিমাণৰ ধন উপাৰ্জন কৰিলে। বলিউড জগতত ২০১৯ চনতোত অভিনেতা হৃতিক ৰোশ্বন, টাইগাৰশ্ৰফ, শ্বাহিদ কাপুৰ, বিকী কৌশল, ছলমান খান আৰু অক্ষয় কুমাৰৰ ছবিয়েই আটাইতকৈ বেছিহিট হিচাপে পৰিগণিত হৈছে।

হৃতিক ৰোশ্বন আৰু টাইগাৰ শ্ৰফৰ'ৱাৰ' ছবিখনে এই তালিকাৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। তাৰপাছত শ্বাহিদকাপুৰৰ 'কবিৰ সিং', বিকী কৌশলৰ 'উৰী-দ্য ছাৰ্জিকেল ষ্ট্ৰাইক', ছলমান খানৰ 'ভাৰত'আৰু অক্ষয় কুমাৰৰ 'হাউছফুল-৪' ছবিৰ নাম আছে এই তালিকাখনত।

২০১৯বৰ্ষৰ শীৰ্ষৰ ৫খন বলিউডৰ হিট ছবি-

১. ৱাৰঃ হৃতিক ৰোশ্বন আৰু টাইগাৰশ্ৰফৰ এই ছবিখনত দৰ্শকৰ বাবে আছিল বিশেষ। কিয়নো ভাৰতীয় দৰ্শকে বহু সময়ৰ পৰাইদুয়োগৰাকী অভিনেতাক একেখন ছবিত চাবলৈ অপেক্ষা কৰি আছিল। আৰু অৱশেষত ১৫০ কোটি টকাব্যয়ৰে নিৰ্মাণ কৰা ৱাৰ ছবিখনে প্ৰায় ৩১৫ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়।

২. কবিৰ সিংঃ শ্বাহিত কাপুৰেঅভিনয় কৰা এইখন ছবি দক্ষিণ ভাৰতৰ এখন ছবিৰে ৰিমেক। কবিৰ নামৰ চৰিত্ৰত অভিনয় কৰাশ্বাহিদ কাপুৰৰ এই ছবিখনে উপাৰ্জন কৰে প্ৰায় ২৭৫ কোটি টকা। তদুপৰি এই ছবিখনৰআটাইকেইটাই গানো হৈছে হিট।

৩. উৰী- দ্য ছাৰ্জিকেল ষ্ট্ৰাইকঃবিকী কৌশলৰ এই ছবিখনে দৰ্শকক বিশেষভাৱে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। মাত্ৰ ২৫ কোটিটকা ব্যয়ৰে নিৰ্মাণ কৰা এই ছবিখনে বক্স অফিচত প্ৰায় ২৪০ কোটি টকা উপাৰ্জন কৰে। যিসঁচাকৈয়ে এক অভিলেখতকৈ কম নহ'ব।

৪. ভাৰতঃ বলিউডৰ ভাইজান ছলমানখানৰ বাবেও ২০১৯ চনতো বিশেষ হিচাপে পৰিগণিত হৈছে। কিয়নো তেওঁৰ ছবি 'ভাৰত'-য়েউপাৰ্জন কৰিছে প্ৰায় ২১০ কোটি টকা।

৫. হাউছফুল-৪ঃ হাউছফুল ছবিৰ এইখনচতুৰ্থখন ছবি। অক্ষয় কুমাৰ, ৰিতেশ দেশমুখ আৰু ববী দেউল অভিনীত এই ছবিখনকো দৰ্শকেপচন্দ কৰিছে। এই তালিকাৰ পঞ্চমটো স্থান লাভ কৰা হাউছল-৪য়ে উপাৰ্জন কৰিছে ২০৫ কোটিটকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in