আছুৰ আহ্বানত ছহিদলৈ শ্রদ্ধাঞ্জলি জনাই বন্তি প্ৰজ্বলন

আছুৰ আহ্বানত ছহিদলৈ শ্রদ্ধাঞ্জলি জনাই বন্তি প্ৰজ্বলন

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে সদৌ অসম ছাত্ৰ সন্থাই। নতুন বছৰ প্ৰথম দিনটোত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ ছহিদলৈ শ্রদ্ধাঞ্জলি জনাই নিজ নিজ ঘৰৰ পদূলি মুখ, ৰাজহুৱা স্থান আৰু অঞ্চলে অঞ্চলে বন্তি জ্বলাই শ্রদ্ধাঞ্জলি জনাই আছুৱে। ইফালে এই কাৰ্যসূচীৰ প্ৰতি সমাজৰ বিভিন্ন স্তৰৰ লোকে সমৰ্থন দিছে।

না না প্ৰান্তত আছুৰ সদস্যসকলৰ লগতে সাধাৰণ ৰাইজ, ব্যৱসায়ী সকলেও বন্তি জ্বলাই ছহিদৰ আত্মাৰ সদগতি কামনা কৰে। আছুৰ এই আহ্বানৰ প্ৰতি সমৰ্থন জনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাজহুৱা স্থানৰ লগতে নামঘৰ, মছজিদ ইত্যাদিতো বন্তি জলোৱা পৰিলক্ষিত হয়।

ছহিদৰ আত্মত্যাগৰ মূল্য চৰকাৰে দিবই লাগিব বুলি দাবী উত্থাপন কৰি আছুৱে কয় যে, ছহিদক লৈ ৰাজনীতি কৰিবলৈ দিয়া নহ'ব। নতুন বছৰত অধিক তীব্ৰতৰ হ'ব নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন। গাঁৱে-ভূঞে এনেদৰে বন্তি জ্বলাই শান্তিপূৰ্ণ আন্দোলন কৰি সকলো লোককে সজাগ কৰি কা বাতিল কৰাৰ বাবে সংগ্ৰাম চলাই যাব বুলি জানিবলৈ দিয়ে আছুৱে।

ইফালে মহানগৰীৰ ভিন্ন প্ৰান্ততো বুধবাৰে বন্তি প্ৰজ্বলন কৰি ছহিদৰ আত্মাৰ সদগতি কামনা কৰা হয়। চানমাৰিৰ শ্বহীদ বেদীৰ লগতে আন আন প্ৰান্তত বন্তি প্ৰজ্বলন কৰি শান্তিপূৰ্ণ প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয়। মহানগৰীৰ একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানতো বন্তি প্ৰজ্বলন কৰে ব্যৱসায়ীসকলে।

যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰৱেশদ্বাৰত যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা আৰু যোৰহাটবাসী ৰাইজৰ সহযোগতো বন্তি প্ৰজ্বলন কৰা হয়। এই কাৰ্যত উপস্থিত থাকে প্ৰায় অৰ্ধশতাধিক লোক। উপস্থিত স্থানীয় লোকসকলৰ লগতে আছুৰ নেতৃত্বই নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ বাবে চৰকাৰক দাবী জনোৱাৰ লগতে ছহিদৰ আত্মত্যাগৰ মূল্য চৰকাৰে দিব লাগিব বুলি দাবী উত্থাপন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in