অসম

আৰক্ষীৰ বৃহৎ সাফল্য: কোকৰাঝাৰত উদ্ধাৰ ১১টা ৰাইফল

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰ: কোকৰাঝাৰ জিলাৰ পাটগাঁৱত কিছুদিন পূৰ্বে এটা পিষ্টল উদ্ধাৰ হোৱা ঘটনাৰ পিছতে মঙলবাৰে পুনৰাই আৰক্ষীয়ে ১১ টাকৈ ৰাইফল উদ্ধাৰ কৰিছে ৷ কোকৰাঝাৰ জিলাৰ ছালাকাটি উপ আৰক্ষী চকীৰ অন্তৰ্গত গালাঝোৰাৰ পৰা কোকৰাঝাৰ আৰক্ষীয়ে এই বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ খিনি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ মাটিৰ তলত পুতি থোৱা অৱস্থাৰ পৰা ৰাইফলসমূহ উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষীয়ে সদৰি কৰিছে।

বুধবাৰে এক সংবাদমেল যোগে এই বিষয়ে সদৰি কৰি কোকৰাঝাৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ( অপৰাধ শাখা ) পৃথ্বীৰাজ ৰাজখোৱাই কয় যে আৰক্ষীৰ বিশেষ শাখা আৰু সেনা বাহিনীৰ তথ্যৰ ভিত্তিত কোকৰাঝাৰ আৰক্ষীয়ে উদ্ধাৰ কৰে এই বৃহৎ পৰিমাণৰ অস্ত্ৰশস্ত্ৰ সমুহ উদ্ধাৰ কৰে । উদ্ধাৰ হোৱা অস্ত্ৰ শস্ত্ৰসমূহ পূৰ্বৰ কোনো অস্ত্ৰধাৰী সংগঠনে লুকুৱাই ৰাখিছিল বুলি সন্দেহ কৰা হৈছে ৷ কোনটো সংগঠনে অস্ত্ৰ শস্ত্ৰসমূহ লুকুৱাই ৰাখিছিল সেই বিষয়ে এই পৰ্যন্ত লৈ জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷

আনহাতে যোৱা ১৭ জুলাইত কোকৰাঝাৰ জিলাৰ পাটগাঁৱত এটা পিষ্টল উদ্ধাৰ হোৱা ঘটনাৰে জড়িত থকা চাৰিজনক আৰক্ষীয়ে আটক কৰা বুলি সংবাদমেলত জানিবলৈ দিছে অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ আটকাধীন চাৰি ধৃত যুৱক কেইজন ক্ৰমে - বিটুৱেল বসুমতাৰী , সুভাষ বসুমতাৰী , মঞ্জিত হেমব্ৰম আৰু জীতেন ৰায় ৷ ইয়াৰে বিটুৱেল আৰু সুভাষক আৰক্ষীয়ে পিষ্টল সহ আটক কৰিবলৈ সক্ষম হৈছিল আৰু পিছত বিটুৱেল আৰু সুভাষৰ স্বীকাৰোক্তিৰ ভিত্তিত সেৰফাংগুৰী আৰু পাটগাঁও আৰক্ষীয়ে মঞ্জিত হেমব্ৰম আৰু জীতেন ৰায়ক আটক কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে নিজৰ টুইটত কোকৰাঝাৰৰ ছালাকাটিত উদ্ধাৰ হোৱা অস্ত্ৰ শস্ত্ৰৰ বিষয়ে উল্লেখ কৰাৰ লগতে উগ্ৰপন্থীৰ ক'লা দিনৰ গোপন অস্ত্ৰসমুহ উদ্ধাৰৰ বাবে অভিযান অব্যাহত থাকিব বুলি ঘোষণা কৰিছে জিপি সিঙে ।