অসম

সুদখোৰৰ বিৰুদ্ধে চলিছে তীব্ৰতৰ অভিযানঃ ১২২ জনক গ্ৰেপ্তাৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যত সুদখোৰৰ বিৰুদ্ধে ব্যাপক হৈছে অসম আৰক্ষীৰ অভিযান। ৰাজ্যজুৰি অবৈধ সুদখোৰক লক্ষ্য কৰি যি অভিযান চলিছে সেই অভিযানত এতিয়ালৈকে অসম আৰক্ষীয়ে ১২২ জনক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা সুদখোৰৰ পৰা বহু আপত্তিজনক নথি পত্ৰ জব্দ কৰিছে অসম আৰক্ষীয়ে। নগদ ধন, সোণ, মাটি বন্ধকীৰ নথি, বেংকৰ পাছবুকো জব্দ কৰিছে আৰক্ষীয়ে। এই কথা টুইটাৰযোগে সদৰী কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

বিগত কিছুদিন ধৰি সমগ্ৰ ৰাজ্যজুৰি অবৈধ সুদখোৰৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে । ৰাজ্যজুৰি অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইজনৰ পিছত সিজন সুদখোৰক।

উল্লেখযোগ্য যে অসংখ্য ব্যক্তিয়ে এই অবৈধ সুদখোৰৰ পৰা তীব্ৰ হাৰাশাস্তি সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্তও হাতত লোৱা পৰিলক্ষিত হৈছে। আনকি সুদখোৰৰ দপদপনিত পলাই থাকিবলগীয়া হৈছে ভুক্তভোগী ।

দুৰ্বল, দৰিদ্ৰ আৰু মধ্যবিত্ত নাগৰিকক এই অসাধু ঋণদাতাসকলৰ কবলৰ পৰা ৰক্ষা কৰাৰ এই পদক্ষেপ অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছে।