৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচন, ঘোষণা হ’ল নিৰ্বাচনী সূচী 
অসম

সামৰণি পৰিল প্ৰথম পৰ্যায়ৰ ভোটযুদ্ধৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ প্রথম পৰ্যায়ৰ লোকসভা নির্বাচন শুকুৰবাৰে প্ৰায় শান্তিপূর্ণভাৱে সম্পন্ন হয়। ২১ খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ ১০২টা সমষ্টিক সামৰি হোৱা এই পর্যায়ৰ নিৰ্বাচনত সামগ্রিকভাবে ৬৮ শতাংশৰো অধিক ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিছে।

অসমত এই পর্যায়ত সামগ্রিকভাৱে ৭৫.৯৫ শতাংশ ভোটাৰে গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। ৰাজ্যখনত প্রথম পর্যায়ত ৫টা সমষ্টিত লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। প্রাপ্ত তথ্য অনুসৰি ডিব্রুগড় লোকসভা সমষ্টিত ৭৬.৭৪%, যোৰহাটত ৭৯.৪৮%, কাজিৰঙা সমষ্টিত ৭৫.৭৯%, শোণিতপুৰ সমষ্টিত ৭৪.৮১%, লখিমপুৰ সমষ্টিত ৭২.৬৫% ভোটদান সম্পূর্ণ হৈছে।

লোকসভা নির্বাচনৰ সমান্তৰালভাৱে অৰুণাচল প্রদেশ আৰু ছিকিমৰ একক পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্রহণো সম্পন্ন হৈছে। নির্বাচন আয়োগৰ তথ্য অনুসৰি অৰুণাচল প্রদেশ বিধানসভা নির্বাচনত ৭৬.৪৪% আৰু ছিকিমত ৭৯.৮৬% ভোটাৰে ভোটদান সাব্যস্ত কৰে। উল্লেখযোগ্য যে ২১খন ৰাজ্যৰ ভিতৰত লক্ষাদ্বীপত সৰ্বাধিক ৮৩.৮৮% লোকে ভোটাধিকাৰ সাব্যস্ত কৰিলে।