লাহৰিজানত নিচাযুক্ত দ্ৰব্যসহ ২জনক আটক 
অসম

লাহৰিজানত নিচাযুক্ত দ্ৰব্যসহ ২জনক আটক

Asomiya Pratidin
  • লাহৰিজানত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ।

  • ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰীক।

  • শুকুৰবাৰে সন্ধিয়া আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ ড্ৰাগছ।

  • লাহৰিজান তহলদাৰী চকীৰ নিয়মীয়া নাকা তালাচীত জব্দ নিচাযুক্ত সামগ্ৰীখিনি।

  • আৰক্ষীয়ে জনোৱা অনুসৰি উক্ত অভিযানত ৮৪৫.৫৭৭ গ্ৰাম হেৰ'ইন জব্দ কৰে।

  • আৰক্ষীয়ে MN-01-AX-1752 নম্বৰৰ বাহনখনত তালাচী চলাই জব্দ কৰে ড্ৰাগছখিনি।

  • ৭৪ টা চাবোনৰ বাকচত লুকুৱাই আনিছিল হেৰ'ইনখিনি।

  • সৰবাৰাহত অভিযুক্ত মণিপুৰৰ থৌবাল জিলাৰ ফজলুৰ ৰহমান আৰু পূব ইম্ফল জিলাৰ মঃ ৰজক আহমেদক আটক।

  • সম্প্ৰতি দুয়োকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।