অসম

চিত্ৰশিল্পী চম্পক বৰবৰালৈ ২০২৩ বৰ্ষৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ২০২৩ চনৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট চিত্র শিল্পী চম্পক বৰবৰালৈ। ত্ৰিকলা চৰ্চাৰ জৰিয়তে সমাজত সুন্দৰৰ বিকাশ ঘটোৱাৰ অহোপুৰুষাৰ্থ কৰা প্রয়াত চিত্রশিল্পী প্রণৱ বৰুৱাৰ স্মৃতিত চিত্রকলা আৰু ভাস্কর্যৰ ক্ষেত্ৰত জীৱনযোৰা সাধনাৰ স্বীকৃতি স্বৰূপে প্রতিবছৰে উত্তৰ পূৰ্বাঞ্চলৰ একোজন শিল্পীলৈ এই বঁটা আগবঢ়াই অহা হৈছে।

২০০২ চনৰ পৰা প্ৰৱৰ্তন কৰা এই বঁটা ইতিমধ্যে অসমৰ যশস্বী শিল্পী শোভা ব্রহ্ম, বেণু মিশ্র, নীলপৱন বৰুৱা, আদ্য শর্মা, বীৰেণ সিংহ, ননী বৰপূজাৰী, পুলক গগৈ, জীতেন হাজৰিকা, জনক ঝংকাৰ নাৰ্জাৰী, কুশকান্ত দেৱগোস্বামী, ৰবিৰাম ব্রহ্ম, ত্রৈলোক্য দত্ত, চালেহা আহমেদ, কন্দর্প নাথ শৰ্মা, কিৰণ শংকৰ, মণিপুৰৰ টি টম্বি সিং, কুলচন্দ্র এম থেম, ত্রিপুৰাৰ শিল্পী চিন্ময় ৰয়, মিজোৰামৰ চিত্রশিল্পী টাং বন্ধুমা, অৰুনাচল প্ৰদেশৰ চিত্র ভাস্কর্য শিল্পী টাকাৰ ৰিবা আৰু নাগালেণ্ডৰ চিত্রশিল্পী বুদ্ধি থাপাক প্রদান কৰা হৈছে। এই বঁটাত আছে এটি সুদৃশ্য স্মাৰকৰ সৈতে এখনি প্রশস্তি পত্র আৰু নগদ ২৫ হাজাৰ টকা।

শিৱসাগৰৰ বনমালী চাহবাগিচাত জন্ম গ্রহণ কৰা শিল্পী চম্পক বৰবৰাই যোৰহাটত স্কুল আৰু কলেজীয়া শিক্ষা গ্রহণ কৰে। ল'ৰালি কালৰ পৰাই ছবি আঁকাৰ প্ৰতি আকৃষ্ট হোৱা চম্পক বৰবৰাই চিত্রকলাৰ আনুষ্ঠানিক শিক্ষা অবিহনেও নিজৰ একাগ্রতা আৰু প্ৰতিভাৰ দ্বাৰা পৰবৰ্তী সময়ত সুকুমাৰ কলাৰ সৃষ্টিশীল জগতখনত এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হয়।

তিনিখনকৈ একক চিত্র প্রদর্শনীৰ উপৰিও শিল্পী বৰবৰাৰ চিত্রকর্ম অসম আৰু অসমৰ বাহিৰৰ বহু সামুহিক চিত্র প্রদর্শনী প্রদর্শিত আৰু প্রসংশিত হৈ আহিছে। কলেজীয়া জীৱনতে "বিভীষিকা" নামৰ এখন আলোচনী সম্পাদনাৰ সৈতে জড়িত শিল্পী বৰবৰাই পৰবৰ্তী সময়ত জনমভূমি কাকতত যোগদান কৰে।

১৯৮১ চনত গুৱাহাটীলৈ আহি তেওঁ নিউজষ্টাৰ, দি চেন্টিনেল, নতুন দৈনিক, সূত্ৰধাৰ, পূর্বাঞ্চল প্রহৰী, বিস্ময়, অগ্রদূত, শিল্পীৰ পৃথিৱী আদি বিভিন্ন কাকত আলোচনীৰ সৈতে জড়িত হৈ পৰে। দি আচাম ট্রিবিউন গ্রুপত চিত্রশিল্পী আৰু কার্টুনিষ্ট হিচাবে সুদীর্ঘ ২৫ বছৰ কাৰ্যনিৰ্বাহ কৰি চাকৰিৰ পৰা অৱসৰ লোৱা শিল্পী চম্পক বৰবৰাৰ দৈনিক অসম আৰু দি আচাম ট্রিবিউন কাকতত প্রকাশিত সহস্রাধিক ৰাজনৈতিক আৰু সামাজিক বিষয়ৰ কার্টুন, ব্যাখ্যাচিত্ৰ ৰাজ্যৰ সর্বত্র সমাদ্রিত আৰু প্রসংশিত।