অসম

২২৮বছৰীয়া পৰম্পৰা ৰক্ষা কৰি "কালিয় দমন" ভাওনা প্ৰদৰ্শন

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাট : ২২৮বছৰীয়া গৌৰৱোজ্জ্বল পৰম্পৰা ৰক্ষা কৰি জামুগুৰিহাটৰ কোচঁগাঁৱৰ কালিয় দমন ক্ষেত্ৰত নিশাৰ ভাগত অনুষ্ঠিত হ'ল "কালিয় দমন" ভাওনা। ১৭৯৫ চনৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনা ভাওনা অনুষ্ঠিত কৰি আহিছে।

নিশাৰ ভাগত অনুষ্ঠিত কৰি অহা এই ভাওনা চাবলৈ নিশা সমাগম হয় হাজাৰ হাজাৰ ৰাইজৰ। শিশু কৃষ্ণই কালীনাগৰ শিৰত উঠি কৰা নৃত্য এই ভাওনাৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু।

গাঁৱবাসী ৰাইজৰ বিশ্বাস - এই ভাওনা অনুষ্ঠিত নকৰিলে গাঁৱখনত নানান অপাই- অমংগলে দেখা দিয়ে। সেয়েহে কোচঁগাওবাসী ৰাইজে ১৭৯৫ চনৰ পৰাই শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনা অবিৰতভাৱে ২২৮বছৰ ধৰি এই ভাওনা অনুষ্ঠিত কৰি আহিছে।

ইফালে শনিবাৰে সন্ধিয়াও অঞ্চলটোৰ লগতে দূৰদূৰণিৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজে জ্বলোৱা হাজাৰ হাজাৰ বন্তিৰ পোহৰৰে আলোকিত হৈ পৰে কালিয়দমণ ক্ষেত্ৰ। উল্লেখ্য যে জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা,বোকাখচা ভাওনাৰ সামন্তৰালকৈ এই ২শ বছৰ গৰকি যোৱা কালিয়দমণ ভাওনাই অসম সাংস্কৃতিক জগতখনক অনন্য মাত্ৰা প্ৰদান কৰিছে।