অসম

মাজবাট আৰক্ষীৰ অভিযানত তিনিখন চুৰি বাইকসহ দুজন যুৱক আটক

Asomiya Pratidin

ডিজিটেল সংবাদ,ওৰাং:- মাজবাট আৰক্ষীৰ অভিযানত তিনি খন চুৰি পাল্চাৰ মটৰ চাইকেলসহ দুজন যুৱক আটক। মাজবাট আৰক্ষীয়ে যোৱা নিশা ১১ টা বজাৰ পৰা শুকুৰবাৰে পুৱা ৪ টা বজালৈ মাজবাট থানা অঞ্চলৰ মেৰাবিল গাঁৱত আৰু আদৰ্শ বাহাদুৰ গাঁৱত পৃথকে পৃথকে মটৰ চাইকেল বিচাৰি অভিযান চলাইছিল।

আৰক্ষীৰ অভিযানত AS-01-EN-3053, AS-01-EX-7011, AS-21-M-5709 নম্বৰ তিনি খন পাল্চাৰ মটৰ চাইকেলসহ বাস্কা জিলাৰ মছলপুৰ থানা অন্তৰ্গত নিকাচি বান্দৰী কুচি গাঁৱৰ ৰতেন বড়োৰ পুত্র জয়সিং বড়ো (২৭) একেখন গাওঁৰ ৰমেশ বড়োৰ পুত্র লাদুৰা বড়ো (২৬)ক আটক কৰে। এই পৃথক পৃথক অভিযানত নেতৃত্ব দিছিল মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় সিং ডুবে আৰু লালপানী আৰক্ষী চকীৰ এছ আই প্ৰনৱ বৰুৱাই। মাজবাট আৰক্ষীয়ে যুৱক দুজনক আদালত হাজিৰ কৰাত আদালতে দুয়োকে জেল হাজত প্ৰেৰণ কৰে।