বি টি আৰ চুক্তিৰ উদ্দেশ্য সফল হৈছে : প্ৰমোদ বড়ো 
অসম

কোকৰাঝাৰত ৩য় বি টি আৰ চুক্তি দিৱস উদযাপন

বি টি আৰ চুক্তিৰ উদ্দেশ্য সফল হৈছে : প্ৰমোদ বড়ো

Asomiya Pratidin

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ ২০২০ চনৰ ২৭ জানুৱাৰীত সম্পন্ন হৈছিল বি টি আৰ শান্তি চুক্তি। তৃতীয় বি টি আৰ শান্তি চুক্তি উপলক্ষে বি টি আৰৰ চাৰিওখন জিলাতে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয়।

বি টি চি সচিবালয়ৰ প্ৰাংগনত বি টি চিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে বডোফাৰ প্ৰতিমুৰ্তিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ লগতে নৱনিৰ্মিত ১০০ ফুট উচ্চতাৰ খুটিত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে । ইয়াৰোপৰি বি টি চি সচিবালয়ৰ চৌহদত গছপুলি ৰোপন আৰু বি টি চি সচিবালয় চৌহদৰ পৰা বিশাল মটৰচাইকেল ৰেলী বাহিৰ কৰা হয় ।

মটৰচাইকেল ৰেলীৰ পতাকা জোকাৰি শুভাৰাম্ভ কৰে প্ৰমোদ বড়োৱে । মটৰচাইকেল ৰেলীটোৱে কোকৰাঝাৰ সদৰ চহৰৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ পৰিভ্ৰমন কৰি কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত সমৱেত হ'ব । উক্ত স্থানতে এক সভা অনুষ্ঠিত হ'ব যত আনুষ্ঠানিকভাৱে ছহিদৰ পৰিয়াললৈ এককালীনভাৱে ৫ লাখ টকাৰ চেক আগবঢ়োৱা হ'ব বুলি জানিবলৈ দিয়ে।

সংবাদ মাধ্যমৰ সন্মুখত প্ৰমোদ বড়োই বি টি আৰৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়ন আৰু মাগদৰ্শনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কৃতজ্ঞতা জ্ঞাপন কৰে । ছহিদ পৰিয়াললৈ শ্ৰদ্ধা আৰু এবছু , এন ডি এফ বি আৰু ইউ বি পি অ'লৈ ধন্যবাদ জ্ঞাপন কৰি প্ৰমোদ বড়োই কয় যে পূৰ্বতে কিছুমান ঐতিহাসিক ভুল হৈছিল আৰু সকলোৱে ন্যায় পোৱা নাছিল । এতিয়া সকলোৱে মিলি , শংকা -ভয় -ভেদাভেদ পাহৰি সমমৰ্যদা-সমঅধিকাৰেৰে শান্তি প্ৰতিষ্ঠা কৰা হৈছে বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে।

"বি টি আৰ শান্তি চুক্তিৰ পিছতে দীৰ্ঘদিনীয়া অশান্তজৰ্জৰিত অঞ্চলটোলৈ শান্তি ঘূৰি আহিল আৰু অঞ্চলটোৰ উন্নয়নে এক নতুন গতি লাভ কৰিলে। শান্তি ,ভাতৃত্ববোধ , ঐক্যতাৰ বান্ধোন সুদৃঢ় হ'ল । বি টি আৰ শান্তি চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ন কৰিবলৈ আমি বন্ধপৰিকল্প বুলি মন্তব্য কৰি ৰাষ্ট্ৰ আৰু ৰাজ্যই যি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া সকলোৰে হিতৰ বাবে কৰে আৰু তাতে দুই -এজনে বিৰোধিতা কৰি কোনো ভাল কাম কৰা নাই" বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে । মুখ্যমন্ত্ৰীৰ উন্নত অসম গঢ়াৰ যাত্ৰা সকলোৱে অংশীদাৰ হৈ থকা বুলি মন্তব্য কৰি বি টি আৰ চুক্তিৰ উদ্দেশ্য সফল হৈছে বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে ।