আজি ঘোষণা হ'ব তৃতীয় বৰ্গৰ ১১ হাজাৰৰো অধিক পদৰ নিযুক্তিৰ ফলাফল... 
অসম

আজি ঘোষণা হ'ব তৃতীয় বৰ্গৰ ১১ হাজাৰৰো অধিক পদৰ নিযুক্তিৰ ফলাফল...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি ঘোষণা হ'ব অসম চৰকাৰ বিভিন্ন বিভাগৰ তৃতীয় বৰ্গৰ নিযুক্তিৰ ফলাফল। ৰাজ্যিক নিযুক্তি পৰিষদৰ অধীনত অসম মাধ্যমিক শিক্ষা পৰিষদে অনুষ্ঠিত কৰা এই পৰীক্ষাৰ ফলাফল আজি ঘোষণা হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে।

সেই অনুসৰি আজি পুৱা ১১ বজাত ১১ হাজাৰ ৫১০ টা পদৰ নিযুক্তিৰ ফলাফল ঘোষণা হব। আৰু কালিলৈ অৰ্থাত ৪ মে”ত ঘোষণা হ'ব চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ফলাফল।

যিসকল পৰীক্ষাৰ্থীয়ে এই নিযুক্তিৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেওঁলোকে অসম মাধ্যমিক শিক্ষা পৰিষদৰ ৱেবচাইট www.sebaonline.org তেওঁলোকৰ ফলাফলসমূহ চাবলৈ পাৰিব।

উল্লেখ্য অহা ১১ মে'ত বিভিন্ন বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ মুঠ ২৬ হাজাৰ পদত নিযুক্তি প্ৰদান কৰা হ'ব। এই নিযুক্তি প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব গৃহমন্ত্ৰী অমিত শ্বাহ।