অসম

১৬ জনলৈ বৃদ্ধি পালে কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ সংখ্যা...

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অন্তিম মনোনয়নৰ দিনটোত শুকুৰবাৰে ১ নং কোকৰাঝাৰ লোজসভা সমষ্টিৰ বাবে ৭গৰাকী প্ৰাৰ্থীয়ে নিজ মনোনয়ন দাখিল কৰে । কোকৰাঝাৰ ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰা ৭প্ৰাৰ্থী হ'ল ক্ৰমে বিপিএফৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰী , জিএচপিৰ প্ৰাৰ্থী তথা সাংসদ নৱ কুমাৰ শৰণীয়া, ঘনশ্যাম দাস আৰু বিনীতা ডেকা, কমতাপুৰ পিপুলচ ফ্ৰণ্টৰ তৃপ্তীনা ৰাভা, নিৰ্দলীয় নন্দদেৱ ব্ৰহ্ম আৰু পঙ্কজ ইছলাৰী।

শুকুৰবাৰে ৭জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰাৰ পিছত ১নং কোকৰাঝাৰ লোকসভা সমষ্টিত মনোনয়ন দাখিল কৰা প্ৰাৰ্থীৰ সংখ্যা ১৬জনলৈ বৃদ্ধি পালে। উল্লেখ্য যে ইয়াৰে ভিতৰত সাংসদ নৱ কুমাৰ শৰণীয়াই দাখিল কৰা মনোনয়নক লৈ ব্যাপক চৰ্চা হৈছে কিয়নো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পিছত নৱ কুমাৰ শৰণীয়াই জনজাতি সংৰক্ষিত সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব বুলি অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই প্ৰকাশ কৰিছিল। অসম চৰকাৰৰ মহাধিবক্তাই প্ৰকাশ কৰাৰ পিছতো কোকৰাঝাৰ লোকসভা (জনজাতি সংৰক্ষিত) সমষ্টিত নৱ কুমাৰ শৰণীয়াই মনোনয়ন দাখিল কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

তদুপৰি জিএচপি দলৰ পৰা আহি তিনিজন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। ইয়াৰে এগৰাকী হ'ল নৱ কুমাৰ শৰণীয়া আৰু আন দুগৰাকী হ'ল ঘনশ্যাম দাস আৰু বিনীতা ডেকা। ইয়াৰে ঘনশ্যাম দাস হ'ল আকৌ বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য । উল্লেখ্য যে ঘনশ্যাম দাসক কেইদিনমান পূৰ্বে বিটিচিৰ কাৰ্যবাহী সদস্য পদৰ পৰা খাৰিজ কৰা হৈছিল । বৰ্তমান বিটিচিৰ পাৰিষদ হৈ থকা ঘনশ্যাম দাসেও মনোনয়ন দাখিল কৰে ।

উল্লেখ্য যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে বিপিএফৰ প্ৰাৰ্থী খাম্পা বৰগয়াৰীয়ে গ্ৰীণ ফিল্ডৰ পৰা কেবা সহস্ৰাধিক সমৰ্থক লৈ বিশাল সমদলেৰে ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ খাম্পা বৰগয়াৰীক সঙ্গ দিয়ে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী , বিপিএফৰ জেষ্ঠ্য নেতা তথা বিটিচিৰ পাৰিষদ ক্ৰমে দেৰহাছাৎ বসুমতাৰী, দনেশ্বৰ গয়াৰী , বিধায়ক ৰবিৰাম নাৰ্জাৰী, প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম , বড়ো ওমেন জাষ্টিচ ফৰামৰ অঞ্জলী দৈমাৰীকে ধৰি বহু বিশিষ্ট নেতা উপস্থিত আছিল।