অসম

মানকাচৰত বিভিন্ন বিভাগৰ চৰকাৰী আঁচনি পৰ্যবেক্ষণ পাব্লিক একাউন্ট কমিটিৰ ৫ বিধায়কৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,মানকাচাৰঃ চৰকাৰে গ্ৰহণ কৰা আঁচনিৰ দ্বাৰা হিতাধিকাৰীয়ে কিদৰে লাভাম্বিত হৈছে আৰু আঁচনি সমূহ সফল ৰূপায়ণ হৈছে নে নাই তাক লৈ আজি মানকাচৰত উপস্থিত হৈছে অসম চৰকাৰৰ পাব্লিক একাউন্ট কমিটিৰ এটা সজাতি দল।

ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাৰ অধ্যক্ষতাত অংশগ্ৰহণ কৰা সজাতি দলটোত পাঁচগৰাকী বিধায়ক সহ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া উপস্থিত থাকে। জিলাখনৰ বিভিন্ন ঠাইত চৰকাৰী আঁচনি সমূহ পৰ্যবেক্ষণ কৰে দলটোৱে তদুপৰি চৰকাৰী আঁচনিৰ হিতাধিকাৰী সকলে আঁচনি সমূহ লাভ কৰি লাভলাভ হৈছে নে নাই সেই সন্দৰ্ভত সজাতি দলটোৱে হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰে।