অসম

ৰে’লৰ ভূমি বনিয়াক বিক্ৰী কৰাৰ প্ৰতিবাদত নগাঁৱত ৫ টা ৰাজনৈতিক দলৰ বিক্ষোভ প্ৰদৰ্শন…

asomiyapratidin

ডিজিটেল সংবাদ নগাঁও : গুৱাহাটীৰ মাজমজিয়াত থকা ৰে'ল বিভাগৰ বৃহৎ পৰিমানৰ ভূমি কেন্দ্ৰীয় তিনিজন বনিয়াক পানীৰ দৰত বিক্ৰী কৰাৰ প্ৰতিবাদত আৰু নগাঁও – কাছাৰ কাগজকল পুনৰুজ্জীৱিত কৰাৰ দাৱীত বুধবাৰে নগাঁৱত ৫ টা ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক দলে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে ৷ চি পি আই, চি পি আই (এম), চি পি আই (এম, এল), অসম জাতীয় পৰিষদ আৰু আম আদমীয়ে নগাঁও চহৰৰ মতিৰাম বৰা উদ্যানৰ সমীপত প্ৰতিবাদ কৰে ৷ প্ৰতিবাদকাৰীসকলে ৰে'লৰ ভূমি বনিয়াক বিক্ৰী কৰিবলৈ দিয়া নহ'ব, জাতি মাটি ভেটিৰ কথা কোৱা বিজেপি চৰকাৰ হুছিয়াৰ, বিজেপি চৰকাৰ হায় হায়, ইনক্লাব জিন্দাবাদ, নগাঁও-কাছাৰ কাগজ কল পুনৰ জীৱিত কৰক আদি বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে ৷

প্ৰতিবাদস্থলীত হোৱা প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰি চি পি আইৰ ৰাতুল বৰা,চি পি আই (এম )ৰ মদন বৰা,গোবিন নাথ, চি পি আই (এম এল)ৰ মৃনালি দেৱী, অসম জাতীয় পৰিষদৰ জীপেন বৰা আৰু আম আদমী পাৰ্টিৰ চবিৰ হুছেইনে ৰে'লৰ ভূমি বনিয়াক বিক্ৰী কৰা কাৰ্যই তীব্ৰ বিৰোধিতা কৰাৰ লগতে শীঘ্ৰেই এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায় ৷ তেওঁলোকে নগাঁও -কাছাৰ কাগজকল শীঘ্ৰেই পুনৰুজ্জীৱিত কৰিবলৈ চৰকাৰক দাবী জনাই ৷ বিক্ষোভৰ অন্তত প্ৰতিবাদকাৰী সকলে সমদল কৰি নগাঁও জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখলৈ আহি উপায়ুক্তৰ জৰিয়তে উল্লেখিত দাবীৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰন কৰে ৷