অসম

ঘোষণা হ'ল ৫ম পৰ্যায়ৰ গুণোৎ‍সৱৰ দিন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ঘোষণা কৰা হ'ল ২০২৪ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া ৫ম পৰ্যায়ৰ গুণোৎ‍সৱৰ দিন। তথ্য অনুসৰি ৰাজ্যত ৩ জানুৱাৰীৰ পৰা ৯ ফেব্রুৱাৰীলৈ অনুষ্ঠিত হ’ব ৫ম পৰ্যায়ৰ গুণোৎ‍সৱ।

প্ৰকাশিত জাননী অনুসৰি ৩ জানুৱাৰীৰ পৰা ৬ জানুৱাৰীলৈ বৰপেটা, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমৰা-মানকাচৰ, ওদালগুৰিত উদযাপন কৰা হ'ব গুণোৎ‍সৱ।

আনহাতে ৯ জানুৱাৰীৰ পৰা ১২ জানুৱাৰীলৈ বাক্সা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, যোৰহাট, কামৰূপ (মহানগৰ), শোণিতপুৰ, তিনিচুকীয়া জিলাৰ বিদ্যালয়সমূহত গুণোৎ‍সৱ উদযাপন কৰা হ'ব। 

ঠিক একেদৰে ৬ ফেব্রুৱাৰীৰ পৰা ৯ ফেব্রুৱাৰীলৈ বঙাইগাঁও, দৰং, ডিব্রুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাছাও, মাজুলী, পশ্চিম কাৰ্বি আংলঙত উদযাপন কৰা হ'ব গুণোৎ‍সৱ।