অসম

জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তঃ আজি লখিমপুৰলৈ যাব চিবিআইৰ দল...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত ক্ষীপ্র গতিত আগবঢ়াইছে চিবিআইয়ে । নগাঁৱৰ আৱৰ্ত ভৱনত বাহৰ পাতিছে তদন্তকাৰী চিবিআইৰ দলটো । শনিবাৰে নগাঁৱৰ পৰা লখিমপুৰলৈ যাব চিবিআইৰ দলটো ।

চিবিআইক তদন্তত সহায় কৰিব চিআইডিৰ এজন জোৱান আৰু বিষয়াই । বৃহস্পতিবাৰে চিবিআইয়ে জোনমণি ৰাভাৰ মৃত্যুৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিছিল । শুকুৰবাৰৰ দিনটোত জোনমণি ৰাভাৰ বাসগৃহলৈ গৈছিল । আৰু আজিৰ দিনটোতে লখিমপুৰলৈ যাব চিবিআইৰ দল ।