অসম

হাতীৰ বিচৰণভূমি ধ্বংস কৰি পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণৰ যো-জা : জাঙুৰ খাই উঠিল জীপাল কৃষক শ্ৰমিক সংঘ

Asomiya Pratidin

ডিজিটেল ডেস্ক : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু কাৰ্বি পাহাৰৰ দাঁতিত হাতী বিচৰণ কৰা তথা হস্তী কৰিডৰ হিচাপে চিহ্ণিত প্ৰায় ৬০ বিঘা ভূমিত চৰকাৰে হোটেল নিৰ্মাণৰ যো-জা চলোৱাত জাঙুৰ খাই উঠিছে প্ৰকৃতিপ্ৰেমী সংগঠন জীপাল কৃষক শ্ৰমিক সংঘ। হাতীখুলি অঞ্চল তথা বন্যহস্তীৰ বিচৰণ ভূমিত দুখন পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণকলৈ জাঙুৰ খাই উঠিছে সংগঠনটো।

শুকুৰবাৰে সংগঠনটোৰ নেতৃবৰ্গই ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰে। কিয়নো হাতীৰ বিচৰণভূমি কমি যোৱাৰ ফলতে দিনক-দিন বৃদ্ধি পাই আহিছে হাতী-মানুহ সংঘাত।

অসম চৰকাৰৰ পৰ্যটন উদ্যোগৰ পৰিসৰ বৃদ্ধি কৰাৰ লক্ষ্যৰে হাতীখুলিত টাটা গ্ৰুপৰ সহযোগত দুখন পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণ কৰিবলৈ যো-জা চলাইছে বিভাটোৱে। ইয়াৰোপৰি হোটেল নিৰ্মাণ সন্দৰ্ভত প্ৰস্তাৱ লোৱাৰ কথাও জানিব পৰা গৈছে।

এই সন্দৰ্ভত সংগঠনটোৰ প্ৰধান সোনেশ্বৰ নৰহে কয় যে এই অঞ্চলটি এটা ঐতিহ্যবহনকাৰী অঞ্চল। ইয়াত বনৰীয়া হাতীয়ে বিচৰণ কৰে। ওমলি-জামলি থাকে।তেনে পৰিপ্ৰেক্ষিত ইয়াত হোটেল নিৰ্মাণে অঞ্চলটিলৈ অশনি সংকেত নমাই আনিব।

ইয়াৰ ঐতিহ্যত আঘাত হানিব। পঞ্চতাৰকা হোটেলেই নহয় টাটাই যদি ইয়াত তাজ হোটেলো নিৰ্মাণ কৰে তেন্তে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাম।

চৰকাৰৰ এনে সিদ্ধান্তক বিৰোধিতা কৰে জ্যেষ্ঠ সাংবাদিক তথা পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে। তেঁও কয় যে এটি এটি প্ৰাণীৰ আবাসস্থল এই হাতীখুলি অঞ্চল। কাজিৰঙাত যেতিয়া বানপানী হয়, তেতিয়া হৰিণকে ধৰি বিভিন্ন জীৱ-জন্তুৱে ইয়াত আহি আশ্ৰয় লয়। গতিকে চৰকাৰৰ এই কাৰ্য নিন্দনীয় বুলি তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে হোটেল নিৰ্মাণৰ অংশস্বৰূপে বৃহত্তৰ অঞ্চলটোৰ একাংশ কৃষকৰ বাসগৃহ এক্সেভেটৰ লগাই ভাঙি দিয়া হৈছিল। কৃষকৰ অনুপস্থিতিত প্ৰশাসনে এই কাৰ্য কৰা বুলিও এক সূত্ৰে জানিব পৰা গৈছে।

ভূমি অধিগ্ৰহণৰ বাবে যি আগতীয়া ৰাজহুৱা শুনানি জাৰি কৰিব লাগে সেয়া প্ৰশাসনে নকৰাৰো অভিযোগ উত্থাপিত হৈছে। এই সন্দৰ্ভত উচ্ছেদিত কৃষক পৰিয়ালে প্ৰশাসনক অভিযোগ দিছিল যদিও মহকুমাধিপতিয়ে কৌশলী স্থিতি গ্ৰহন কৰা বুলি অভিযোগ তুলিছে।

এতিয়া প্ৰশ্ন হৈছে যে জীপাল কৃষক শ্ৰমিক সংঘ তথা পৰিৱেশ কৰ্মীয়ে চলোৱা এই প্ৰতিবাদক চৰকাৰে কি হিচাপে গ্ৰহন কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ'ব।