অসম

সোণাপুৰ মহাবিদ্যালয়ত বিশেষ আলোচনাচক্ৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : সোণাপুৰ মহাবিদ্যালয় মহিলা কোষৰ উদ্যোগত আৰু স্নাতকোত্তৰ ইংৰাজী বিভাগৰ উদ্যোগত বুধবাৰে এখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত আয়োজিত আলোচনা চক্ৰখনৰ বিষয় আছিল 'Beyond Gender Binary : A Journey Towards inclusion' ।

এই আলোচনাচক্ৰখনত সমল ব্যক্তি হিচাপে অংশ লয় আকাম ফাইণ্ডেচনৰ সঞ্চালক ঋতুপৰ্ণা নেওগে।

নেওগে সাম্প্ৰতিক সময়ত ট্ৰেন্সজেণ্ডাৰ লোকসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা সম্পৰ্কে বিশদভাৱে আলোকপাত কৰে। তেওঁ কয় যে, এই শ্ৰেণীৰ লোকসকলে সমাজত নানান ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয়।ইয়াৰ ফলত তেওঁলোকে অন্তর্দ্বন্দ্বতো ভুগিব লাগে।

লগতে ট্ৰেন্সজেণ্ডাৰ লোকসকলক বহুতে হেয় চকুৰে চায়। সামাজিক কলংক বুলিও গন্য কৰা লোক আছে। কিন্তু তেওঁলোকৰ অধিকাৰ আৰু সামাজিক গ্ৰহণযোগ্যতাৰ বাবে সাহসেৰে আগবাঢ়ি আহিবলৈ অহ্বান জনায়। উল্লেখ্য যে, এই গুৰুত্বপূৰ্ণ আলোচনা চক্ৰখনত সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষকে প্ৰমুখ্য কৰি মহাবিদ্যালয়খনৰ অধ্যাপক ছাত্ৰ-ছাত্ৰীসকলে অংশ লয়।