অসম

ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত তিনিদিনীয়াকৈ দৌলৎসৱৰ আয়োজন...

Asomiya Pratidin

ডিজিটেল সংবাদ, ঘিলামৰাঃ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত আৰু কিছুদিনৰ পিছতে দৌলৎসৱৰ উপলক্ষে আবিৰ ৰঙেৰে ৰঙীন হৈ পৰিব। এই উপলক্ষে সত্ৰৰ পৰিচালনা সমিতি আৰু উদযাপন সমিতিয়ে পূৰ্ণগতিত প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। বিগত বৰ্ষ সমূহৰ দৰে এই বছৰতো পৰম্পৰা ৰক্ষা কৰি অহা ২৪,২৫ আৰু ২৬ মাৰ্চত আয়োজন কৰা হৈছে ভগৱান শ্ৰীশ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ। দৌলৎসৱ উপলক্ষে উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিব থানৰ চৌদিশ।

গোটেই কেইটা দিনত প্ৰাতঃ প্ৰসংগ, আইনাম, দিহানাম,ভাগৱত পাঠ আদি মাঙ্গলিক অনুষ্ঠানৰ লগতে প্ৰথম দিনা পুৱা দহ বজাত বাণিজ্য মেলা উদ্বোধন কৰিব ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়া সুধন্য শুক্লবৈদ্যই। ১০.৩০ বজাত মাজুলিয়াল গাঁও আঞ্চলিক শিশু সকলে পৰিৱেশন কৰিব ’বিপ্ৰপুত্ৰ আনয়ন’ নামৰ ভাওনা উদ্বোধন কৰিব জিলা আয়ুক্ত গায়ত্ৰী হালিংগে আৰু সন্ধিয়া ঢকুৱাখনা মনিকাঞ্চন সাংস্কৃতিক গোষ্ঠীয়ে পৰিৱেশন কৰিব ’ৰাম পৰাজয় সীতা পাতাল গমন’ নামৰ ভাওনা।

দ্বিতীয় দিনা পুৱা দহ বজাত ঢকুৱাখনা মনিকাঞ্চন সাংস্কৃতিক গোষ্ঠীয়ে পৰিৱেশন কৰিব ‘জজাতিৰ মুক্তি লাভ’ নামৰ ভাওনা আৰু উদ্বোধন কৰিব অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই। আবেলি দুই বজাৰ পৰা ‘সাম্প্ৰতিক কালত সত্ৰীয়া সংস্কৃতি সৰক্ষা আৰু সমাজৰ উত্তৰণত নাৰী-যুৱ সমাজৰ ভূমিকা’ শীৰ্ষক আলোচনা সত্ৰ উদ্বোধন কৰিব মাজুলীৰ ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ দত্তদেৱ দেৱগোস্বামীয়ে আৰু সঞ্চালনা কৰিব শিক্ষাবিদ দেৱেন্দ্ৰ দেৱগোস্বামীয়ে।

সন্ধিয়া সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে আৰু ৰাতি ন বজাত ধেমাজি নিলখৰ সুদৰ্শন সাংস্কৃতিক নাট্যগোষ্ঠীয়ে ‘গান্ধাৰীৰ কৃষ্ণ ৰূপ দৰ্শন’ নামৰ ভাওনা প্ৰদৰ্শন কৰিব। শেষৰ দিনা আবেলি ঘুনুচা যাত্ৰাৰে উৎসৱৰ সামৰণি পৰিব। মাদক দ্ৰব্য পৰিহাৰ কৰি, নীতি নিয়মৰ মাজেৰে হোলীৰ আনন্দ উপভোগ কৰিবলৈ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ তথা সভাপতি ভূপেন্দ্ৰ দেৱগোস্বামী, ডেকা সত্ৰাধিকাৰ তথা কাৰ্যকৰী সভাপতি ভূগেন্দ্ৰ দেৱগোস্বামী, সম্পাদক বীৰেন্দ্ৰ দেৱগোস্বামী আৰু উৎসৱ উদযাপন সমিতিৰ সভাপতি যজ্ঞেশ্বৰ চুতীয়া আৰু সম্পাদক অভিজিৎ দেৱগোস্বামীয়ে আহ্বান জনাইছে।