অসম

ভূপেন বৰাক দুৰ্বৃত্তই কৰা আক্ৰমণক গৰিহণা আম আদমি পাৰ্টীৰ : ৰাহুল গান্ধীৰে আপ সভাপতিৰ আলোচনা

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটী : কংগ্রেছ নেতা বাহুল গান্ধীৰ 'ভাৰত ন্যায় যাত্রা'ত অংশগ্রহণ কৰাৰ সময়ত চতিয়াত অসম প্রদেশ কংগ্রেছ কমিটিৰ সভাপতি ভূপেন বৰাক গুণ্ডাবাহিনীয়ে আক্রমণ কৰা কাৰ্য্যক তীব্র ভাষাৰে গৰিহণা দিছে আম আদমি পার্টীয়ে। এক বিবৃতিযোগে আপ অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে এই আক্রমণক গৰিহণা দি বিজেপি দলে ক্ষমতাৰ ৰাগীত গণতান্ত্রিক প্রমূল্যবোধ পাহৰিছে বুলি উল্লেখ কৰে।

লগতে এই আক্রমণৰ লক্ষ্য কৰি লোৱাটো তেওঁলোকৰ হতাশাৰ ছবিখন স্পষ্ট কৰি তুলিছে আৰু বিৰোধীৰ উত্থানক যদি আইন হাতত তুলি লৈ বাধা দিব বিচাৰিছে, তেন্তে বিজেপি দলে মূর্খৰ স্বৰ্গত বাস কৰিছে বুলি উল্লেখ কৰে। আম আদমি পার্টীয়ে বিজেপি দলৰ বিৰোধী দলৰ নেতাৰ ওপৰত এনে আচৰণৰ বিৰুদ্ধে সমূহ অসমবাসী ৰাইজক একত্রিতভাৱে ওলাই আহিবলৈ আহ্বান জনায়।

ইপিনে গহপুৰত দেওবাৰে সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কংগ্রেছ নেতা ৰাহুল গান্ধীক সাক্ষাৎ কৰি আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণনীতি সম্পর্কত আলোচনা কৰে।