অসম

কঁঠালবাৰী গাঁৱত 'আমাৰ গাঁও আমাৰ সমস্যা' শীৰ্ষক কাৰ্যসূচী

Asomiya Pratidin

ডিজিটেল সংবাদ,চৰাইদেউঃ চৰাইদেউ জিলাৰ সংবাদকৰ্মীৰ অন্যতম অগ্ৰণী মঞ্চ চৰাইদেউ প্ৰেছ ক্লাবৰ উদ্যোগত আৰম্ভ কৰা হৈছে “আমাৰ গাঁও আমাৰ সমস্যা” শীৰ্ষক কাৰ্যসূচী ৷ এই কাৰ্যসূচীৰ অংশ হিচাপে বুধবাৰে মাহমৰা বিধানসভা সমষ্টিৰ লাকুৱা উন্নয়ন খণ্ডৰ অন্তগৰ্ত কঁঠালবাৰী অঞ্চলত “আমাৰ গাঁও আমাৰ সমস্যা” শীৰ্ষক কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷

প্ৰেছ ক্লাবৰ সম্পাদক প্ৰণৱ বৰগোহাঁয়ে আঁত ধৰা অনুষ্ঠানটোত গ্ৰামাঞ্চলটোৰ জনতাই অংশগ্ৰহণ কৰি বিভিন্ন সমস্যাৰ সন্দৰ্ভত আলোচনা কৰা হয়। মুঠ ৬৫ টা পৰিয়ালে বসবাস কৰা গ্ৰামাঞ্চলৰ মূল পথটো দীৰ্ঘদিন ধৰি মেৰামতি নকৰা ফলত জৰাজীৰ্ণ হৈ পৰাত ৰাইজ ব্যাপক সমস্যাৰ সন্মুখীন হ’বলগীয়া পৰিছে ৷

শেহতীয়াকৈ গাঁৱখনৰ মহিলাসকলে বিধ্বস্ত পথটো নিৰ্মাণৰ বাবে স্থানীয় বিধায়ক তথা মন্ত্ৰী যোগেন মহনক আবেদন জনাইছে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে পথটো মেৰামতি কৰাৰ আশ্বাস প্ৰদান কৰিছিল যদিও ৰাইজে অতিশীঘ্ৰে পথটোৰ মেৰামতি কৰাৰ বাবে দাবী উত্থাপন কৰে ৷

আলোচনা সভাত কেইবাজনো ব্যক্তিয়ে গ্ৰামাঞ্চলত আজিকোপতি চৰকাৰী গৃহৰ পৰা বঞ্চিত হোৱা,সময় মতে খেতিয়কে বীজ লাভ নকৰা আদিৰ উপৰিও গ্ৰামাঞ্চলটোত এটা ক্লাব গৃহ,ৰংগমঞ্চ আৰু এটি স্বাস্থ্য কেন্দ্ৰ স্থাপন কৰিবলৈ চৰকাৰ ওচৰত দাবী উত্থাপন কৰে ৷ ইফালে জন জীৱন মিচনৰ অধীনত চলি থকা বিশুদ্ধ খোৱা-পানী যোগান আঁচনিৰ কাম খৰতকীয়া কৰিবলৈ দাবী জনায় ৷

উক্ত কার্যসূচীত প্ৰেছ ক্লাবৰ উপদেষ্টা আলিম আহমেদ,সভাপতি ধ্ৰৱজ্যোতি বৰুৱা, উপ-সভাপতি সুশান্ত কোঁৱৰ, সহঃ সম্পাদক মুহিজুদ্দিন আহমেদ আৰু কাৰ্যনিৰ্বাহক সদস্য বিকাশজ্যোতি বৰুৱাকে ধৰি কেবাগৰাকী বিষয়ববীয়া আৰু স্থানীয় ব্যক্তি উপস্থিত থাকে।