অসম

আমগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় বন্ধ কৰাৰ নিৰ্দেশ স্থগিত ৰখাৰ বাবে স্মাৰক পত্ৰ অগপৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, নামতিঃ অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত অনুসৰি ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা ১৮ অক্টোবৰত আৰ এল আৰ.৩৭৭৮৫৫/৩২২ নম্বৰৰ এক নিৰ্দেশনাৰ জড়িয়তে আমগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় বন্ধৰ যি সিদ্ধান্তৰ কথা প্ৰকাশ কৰিছে তাক বৃহত্তৰ আমগুৰিবাসী ৰাইজৰ লগতে অসম গণ পৰিষদৰ আমগুৰি নগৰৰ সমিতিয়ে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰাৰ লগতে উক্ত সিদ্ধান্ত স্থগিত ৰাখিবলৈ চৰকাৰলৈ আহ্বান জনাইছে ।

আজি আমগুৰি নগৰ পৰিষদ সভাপতি দেৱেশ্বৰ গগৈ আৰু সম্পাদক মনোজ লাহনে কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি, আমগুৰি ৰাজহ চক্ৰ বিষয়াৰ যোগেদি শিৱসাগৰ জিলা মুৰব্বী জিলা আয়ুক্তলৈ এখনি স্মাৰক পত্ৰ প্ৰদান কৰি জিলা আয়ুক্তক আমগুৰিবাসী ৰাইজৰ মতামত চৰকাৰৰ ওচৰত দাঙি ধৰি অতি শীঘ্ৰে চৰকাৰৰ এই সিদ্ধান্ত পুনৰ বিবেচনা কৰি স্থগিত ৰাখিবলৈ অসম গণ পৰিষদৰ তৰফৰ পৰা আহ্বান জনায় ।

স্মাৰক পত্ৰত দলৰ স্থিতি প্ৰকাশ কৰি বৃহত্তৰ আমগুৰিবাসী ৰাইজৰ আপোন আৰু পৰিচয় ১০৩ নং আমগুৰি বিধান সভা সমষ্টি, সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগে কৰ্তন কৰাৰ পিছত বৃহত্তৰ আমগুৰিবাসী ৰাইজৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ বিবেচিত আৰু প্ৰায় শতাধিক গাঁৱৰ ৰাইজ প্ৰত্যক্ষভাৱে জড়িত একমাত্ৰ প্ৰশাসনিক কাৰ্যালয় আমগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় বন্ধ কৰি ইয়াৰ এটা অংশ নাজিৰাত আৰু এটা অংশ শিৱসাগৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লগত সংলগ্ন কৰি বৃহত্তৰ আমগুৰিবাসী ৰাইজক যমৰ যান্তনা ভুগিবলৈ এৰি দিয়াটো আমগুৰিবাসী ৰাইজে কেতিয়াও যে মানি নলয় তাক স্পষ্ট কৰি দিয়ে ।

উল্লেখযোগ্য যে, পূৰ্বতে পুৰণি আমগুৰি বিধান সভা সমষ্টিৰ লগতে শিৱসাগৰ বিধান সভা সমষ্টিৰ শলগুৰি মৌজাৰ অঞ্চলসমূহ আমগুৰি ৰাজহ চক্ৰৰ অন্তৰ্ভুক্ত আছিল আৰু ৰাইজ ইয়াৰ পৰা যথেষ্ট উপকৃত হৈছিল ॥ এতিয়া আমগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় বন্ধ কৰি দিলে বৃহত্তৰ আমগুৰিৰ লক্ষাধিক লোক যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব ।আমগুৰিৰ পৰা নাজিৰা আৰু শিৱসাগৰ ৰাজহ চক্ৰ বিষয়াৰ দুয়োটা কাৰ্যালয়লৈ দুৰত্ব ৩০ কিঃমিঃ তকৈ অধিক।

যি সময়ত চৰকাৰে জনগণক প্ৰশাসনৰ ওচৰলৈ লৈ যাব বিচাৰিছে তেনে সময়তে বহি: ৰাজ্য নগালেণ্ডৰ সীমামূৰীয়া বৃহত্তৰ আমগুৰিবাসী ৰাইজক প্ৰশাসনিক ব্যৱস্থাৰ পৰা আতৰাই নিবলৈ চেষ্টা কৰাটো আশ্চৰ্য প্ৰকাশ কৰে । চৰকাৰৰ এই সিদ্ধান্ত কাৰ্যকৰী হ'লে বৃহত্তৰ আমগুৰিবাসী ৰাইজ সাধাৰণ এটা কামৰ বাবেও ৩০ কিঃমিঃ বাট অতিক্ৰম কৰিব লাগিব ॥ স্মাৰক পত্ৰত চৰকাৰৰ এই সিদ্ধান্ত দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে সিদ্ধান্ত পুনৰ বিবেচনা কৰি স্থগিত ৰাখিবলৈ আহ্বান জনাইছে ।