অসম

আপৰ প্ৰাৰ্থীৰ ভয়ত বিজেপিয়ে সলনি কৰিছে দলীয় প্ৰাৰ্থীঃ আপ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ 'বিজেপি চৰকাৰে বিগত দিনবোৰত জনসাধাৰণৰ বাবে কোনো কাম কৰা নাই। সেইবাবেই তেওঁলোকে দলৰ সাংসদ তথা মন্ত্ৰীৰ টিকটো কৰ্তন কৰিছে। ডিব্ৰুগড়ত আম আদমী পাৰ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ নাম ঘোষণা কৰাৰ পাছত বিজেপিয়ে প্ৰাৰ্থী সলনি কৰিবলৈ বাধ্য হৈছে- ' সোমবাৰে ডিব্ৰুগড়ৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ডিকম বজাৰত' 'অসমতো কেজৰিৱাল' অভিযানৰ নেতৃত্ব দি এই অভিযোগ কৰে আপৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ জেছমিন শ্বাহে।

দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ উন্নয়নৰ বাৰ্তা লৈ জনসম্পৰ্ক অভিযান আৰম্ভ কৰা আপৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী কেজৰিৱালৰ প্ৰতিনিধি অৱসৰপ্ৰাপ্ত কৰ্নেল ৰাহুল পানৱাৰে। অসমতো কেজৰিৱাল অভিযানত আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ লগতে বহুসংখ্যক ৰাজ্যিক তথা জিলা পৰ্য্যায়ৰ দলীয় নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে।

বিজেপি চৰকাৰৰ আমোলত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন দপ্তৰৰ বিভিন্ন আঁচনি ৰূপায়নৰ ক্ষেত্ৰত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে ডিব্ৰুগড়বাসীক ৰায় দিবলৈ দলৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে আহ্বান জনায়। নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হোৱাৰ পূৰ্বেই দলৰ দুজনকৈ ৰাষ্ট্ৰীয় নেতাৰ ডিব্ৰুগড় ভ্ৰমণে উৎসাহিত কৰি তুলিছে আম আদমী পাৰ্টিৰ কৰ্মকৰ্তা তথা সমৰ্থক সকলক।