অসম

মাতৃভাষা মাধ্যম বিৰোধী ভূমিকাৰ বিৰুদ্ধে ঢকুৱাখনাত আছুৰ চাইকেল সমদল

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাজ্য চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী হঠকাৰী ভূমিকাৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই ধাৰাবাহিক গণতান্ত্ৰিক প্ৰতিবাদ ঘোষণা কৰিছে। ছাত্ৰ সন্থাই ৰাজ্য চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত ঘোষণা কৰা এমাহজোৰা আন্দোলনৰ অংশ হিচাবে শনিবাৰে ঢকুৱাখনা মহকুমা ছাত্ৰ সন্থাই  “চাইকেল সমদল” কাৰ্যসূচী ৰূপায়ণ কৰে।

সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য গৌৰী শংকৰ শইকীয়া, ঢকুৱাখনা মহকুমা ছাত্ৰ সন্থাৰ সভাপতি জ্ঞানদ্বীপ বৰা,ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক মাধৱ বৰুৱাৰ লগতে ঢকুৱাখনা মহকুমা ছাত্ৰ সন্থাৰ অন্তৰ্গত ৬ খন আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি,সম্পাদক আৰু ছাত্ৰকৰ্মীসকলে এই প্ৰতিবাদী সমদল কাৰ্যসূচীত অংশগ্ৰহণ কৰে। হাতে হাতে প্লে'কার্ডলৈ  ছাত্ৰ কৰ্মীসকলে ৰাজপথেৰে চাইকেল চলাই ৰাজ্য চৰকাৰৰ মাতৃভাষা বিৰোধী চক্ৰান্তৰ বিৰুদ্ধে সবল প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে জাতীয় পৰিচয় বিপন্নকাৰী এই বিধ্বংসী চক্ৰান্তৰ বিৰুদ্ধে জন সজাগতা বৃদ্ধিৰ চেষ্টা চলাই শ্লোগান দিয়ে। ইয়াৰ পিচতে ছাত্ৰ সন্থাৰ শ্বহীদ ভৱন প্ৰাংগণত এই কাৰ্যসূচীৰ সফল সামৰণি মাৰে।