অসম

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ এজেণ্ট হ’ল আজমল,নিৰ্বাচনৰ আগে আগে এই কাৰ্ড খেলেঃ আছু

Asomiya Pratidin

ডিজিটেল সংবাদ, শিৱসাগৰঃ “মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাৰ অন্যতম ৰাজনৈতিক এজেন্ট হ’ল বদৰউদ্দিন আজমল ৷ বিধানসভা নিৰ্বাচনেই  হওক বা লোকসভা নিৰ্বাচনে হওক, এই নিৰ্বাচন সমূহৰ প্ৰাকক্ষণত হিমন্ত বিশ্বশৰ্মাই এখন কাৰ্ড খেলে ৷ সেই কাৰ্ড হ’ল আজমল ” - এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক  শংকৰজ্যোতি বৰুৱাৰ ৷ বুধবাৰে শিৱসাগৰত আছু নেতা গৰাকীয়ে এই বিস্ফোৰক মন্তব্য কৰে ৷

আজি শিৱসাগৰলৈ অহা আছু নেতা শংকৰজ্যোতি বৰুৱাই আজমলৰ বক্তব্যৰ সন্দৰ্ভত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে -  এ আই ইউ ডি এফৰ নেতা বদৰউদ্দিন আজমল মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাৰ ডাঙৰ এজেণ্ট ৷ হিমন্ত বিশ্বশৰ্মাৰ এজেণ্ট হিচাপে আজমলে প্ৰতিটো নিৰ্বাচনত কাম কৰি আহিছে ৷ তেওঁ কয় মানুহৰ মাজত ধৰ্মীয় মেৰুকৰণ কৰাৰ বাবে  ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত এজন ব্যক্তি আছে ৷ 

অসমৰ প্ৰেক্ষাপটতো এগৰাকী ব্যক্তি আছে ৷ অসমৰ  প্ৰেক্ষাপটত ধৰ্মীয় মেৰুকৰণেৰে ভোট বিভাজন কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কাম কৰি থকা ডাঙৰ এজেণ্ট হ’ল আজমল ৷ যি গৰাকী আজমলে প্ৰতিটো নিৰ্বাচনৰ সময়ত হিন্দু- মুছলমানেৰে সাম্প্ৰদায়িকতাৰ বীজ সিচিব পৰা আগবঢ়াই ৷ কেতিয়াবা গামোচা পাৰি দোৱা কৰাৰ বিপৰীতে কেতিয়াবা চেলেং দলিয়াই দি সামাজিক বাতাবৰণ বিনষ্ট কৰাৰ প্ৰচেষ্টা চলায় ৷

আছু নেতা গৰাকীয়ে লগতে কয় কংগ্ৰেছটো তেওঁলোকৰ এজেণ্ট আছে ৷ এগৰাকী কংগ্ৰেছী বিধায়কে ইতিপূৰ্বে নামঘৰীয়াক ধৰ্ষণকাৰী বুলি কৈ সামাজিক বাতাবৰণ বিনষ্ট কৰিব বিচাৰিছে ৷ শংকৰজ্যোতি বৰুৱাই কয় এইবোৰ নতুন কথা নহয় ৷ অসমৰ মানুহে এতিয়া বুজা উচিত ৷ অসমৰ মানুহে বুজি পাব লাগিব যে নিৰ্বাচন অহাৰ লগে লগেই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই আজমল নামৰ কাৰ্ডখন খেলে ৷ এই এজেণ্টৰ যোগেদি হিমন্ত বিশ্বশৰ্মাই হিন্দু মুছলমান কৰি ৰাজনীতিত আগবাঢ়িব বিচাৰে ৷