ডিজিটেল সংবাদ, ওৰাংঃ ২০২২-২৩ বৰ্ষৰ বাবে সামৰণি পৰিল আবাহন থিয়েটাৰৰ নাট্যবৰ্ষ। সফলতাৰে সামৰণি পৰিল আবাহন থিয়েটাৰৰ নাট্যবৰ্ষ। অতি আবেগিক মুহুৰ্তত নাট্যকৰ্মী সকলে এটা বৰ্ষৰ বাবে বিদায় ল'লে আবাহন থিয়েটাৰৰ পৰা। বহু আশা- প্ৰত্যাশা বুকুত বান্ধি কভিডৰ পিছত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নাটক মঞ্চস্থ কৰিছিল আবাহন থিয়েটাৰে। লভিতা নাটকৰ বাবে বিতৰ্কৰ সৃষ্টি হৈছিল।
২০২২-২৩ নাট্যবৰ্ষৰ ৰাইজৰ সঁহাৰি আৰু মৰম ভালপোৱাৰ বাবে নতশিৰে অসমৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিলে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে। ২০২২-২৩ বৰ্ষৰ শেষৰখন নাটক অনুষ্ঠিত হ'ল ওৰাঙৰ ধনশ্ৰীঘাটৰ পাগলা পাৰত।
আবাহন থিয়েটাৰৰ শেষৰটো পেণ্ডেলৰ পৰাই অসমবাসীলৈ ৰঙালী বিহুৰ ওলগ জনালে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে। ২০২৩-২৪ নাট্যবৰ্ষৰ বাবে আবাহন থিয়েটাৰৰে ইতিমধ্যে দুখন নাটক লোৱাৰ কথা প্ৰকাশ কৰে প্ৰস্তুতি পৰাশৰে।