অসম

স্বাধীনতা দিৱস উপলক্ষে ৰঙিয়াত এবিভিপিৰ ৰংগোলী প্ৰতিযোগিতা

Asomiya Pratidin

ডিজিটেল সংবাদ,ৰঙিয়া : অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ৰঙিয়া নগৰ শাখাৰ উদ্যোগত ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৰঙিয়া মহাবিদ্যালয়ত ৰংগোলী প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । অনুষ্ঠানটোত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য্য ভৱেন্দ্ৰ নাথ ডেকা, ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ব্ৰজেন্দ্ৰ শইকীয়া, উপাধ্যক্ষ ড° হেমেন্দ্ৰ শৰ্মা উপস্থিত থাকে।

উল্লেখ্য যে প্ৰতিযোগিতাত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নলবাৰী বিভাগ প্ৰমুখ হেমেন্দ্ৰ শৰ্মা উপস্থিত থাকি প্ৰতিযোগীসকলক আগুৱাই লৈ যোৱাত উৎসাহ যোগায় । ইফালে প্ৰতিযোগিতাখনিত বিচাৰক হিচাপে উপস্থিত থাকে ৰঙিয়া মহাবিদ্যালয়ৰ লেৱৰেটৰী আৰু মেডিকেল বিভাগৰ সহকাৰী অধ্যাপক ময়ূৰ বৰা লগতে উদ্ভিদ বিভাগৰ সহকাৰী অধ্যাপক পলাশ দাস।

৩০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত প্ৰথম স্থান যুটীয়াভাৱে প্রেৰণা তামাঙ আৰু সঞ্জনা লিমবই লাভ কৰে। একেদৰে দ্বিতীয় জুনুকা দেৱী আৰু মনিষা বড়ো( যুটীয়াভাৱে ) আৰু তৃতীয় স্থান লাভ কৰে প্ৰতিমা বৈশ্য, নেহা অলি মগৰ (যুটীয়াভাৱে)। অনুষ্ঠানটিত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ৰঙিয়া মহাবিদ্যালয় শাখা কাৰ্যকৰ্তা লগতে ৰঙিয়া নগৰ শাখাৰ সকলো উপস্থিত থাকে।