অসম

মাইবেলাত দুৰ্ঘটনা : কথমপি প্ৰাণ ৰক্ষা ৩জনৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, চৰাইদেউ : চৰাইদেউ জিলাৰ মাইবেলাত সোমবাৰে বিয়লি সংঘটিত হয় ভয়াৱহ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ৩গৰাকী লোকৰ কথমপি প্ৰাণ ৰক্ষা পৰে।

উল্লেখযোগ্য যে মাইবেলাৰ চফ্ৰাই নৈৰ সমীপত সদৰ পথ ধোদৰ আলিত থকা এটা কেঁকুৰিত নিয়ন্ত্ৰণ হেৰুৱাই AR-18- 9777 নম্বৰৰ এখন ফৰচুনাৰ বাহন পথটোৰ দাঁতিত থকা দ খাৱৈত সোমাই পৰে। নগালেণ্ডৰ ডিমাপুৰৰ পৰা সোণাৰি অভিমুখে আহি থকা বাহনখনৰ তিনি আৰোহী ঘটনাটোত সৌভাগ্যক্ৰমে ৰক্ষা পৰে।