অসম

লংকাত পথ দুৰ্ঘটনা, কথমপি ৰক্ষা পৰে লামডিং সমষ্টিৰ প্ৰাক্তন বিধায়ক স্বপন কৰ

asomiyapratidin

ডিজিটেল সংবাদ, লামডিংঃ হোজাই জিলাৰ লংকা-লামডিং পথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত বিধায়ক স্বপন কৰ কথমপি ৰক্ষা পৰে৷ জানিব পৰা মতে, শনিবাৰে পুৱা লংকাৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বামুনগাঁৱত লামডিং সমষ্টিৰ প্ৰাক্তন বিধায়ক স্বপন কৰৰ এএছ-০১বিভি-৪৩৬৩ নম্বৰৰ স্কৰপিঅ' বাহন আৰু লংকা বিদ্যুত বিভাগৰ বয় বস্তু কঢ়িওৱা ব'লেৰ পিক আপ ভানৰ মাজত হয় এই মুখামুখী সংঘৰ্ষ হয়৷

সংঘৰ্ষত লামডিং সমষ্টিৰ প্ৰাক্তন বিধায়ক স্বপন কৰকে ধৰি গাডীত অহা কেইৱাজনো লোক গুৰুত্ব ভাৱে আহত হয়৷ ঘটনাটোত আহতসকলক স্থানীয় লোকে উদ্ধাৰ কৰি ততাতৈয়াকৈ লংকা প্ৰাথমিক চিকিত্সালয়লৈ প্ৰেৰণ কৰে৷

ইফালে, দুৰ্ঘটনাটোত স্বপন কৰকে ধৰি আহত কেইজনক হৰি শৰ্মা, ৰত্নেশ্বৰ ৰয় আৰু চুতন দত্ত গুপ্তা বুলি জানিব পৰা গৈছে৷ লংকা বিদ্যুৎ বিভাগৰ গাড়ীখন ভুল দিশেৰে লংকাৰ পৰা লামডিং দিশত আহি থকাৰ বাবে এনে ঘটনা সংঘটিত হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে মন্তব্য কৰিছে৷