অসম

প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰাক বহিষ্কাৰৰ পাছত সংবাদমেল সম্বোধন পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই শনিবাৰে প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰাৰ সংগীপদ খাৰিজ কৰাৰ সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে। এই সংবাদমেলত পদাধিকাৰগৰাকীয়ে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰি সংঘৰ তৰফৰ পৰা প্ৰকাশ কৰিলে এক প্ৰেছ বিজ্ঞপ্তি।

এই বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে যে " শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা আভ্যন্তৰীণ বিষয় সন্দৰ্ভত অনুসন্ধান আৰু বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে মূল কাৰ্যনিৰ্বাহক সভাই ইতিমধ্যে নিষ্ক্ৰিয় কৰি ৰখা বিষয়টোৰ অন্যতম অভিযুক্ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰা বাপে যোৱা ৫-৭-২৪ তাৰিখে নিজা বাসগৃহত সংবাদমেল অনুষ্ঠিত কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানৰ ২৭(ক) দফাৰ ১(খ) উপদফা আৰু ২৭(ক) দফা ৩(ঘ) উপদফাৰ সাংবিধানিক নীতি- আদৰ্শ ভংগ কৰাৰ লগতে সংবাদমেলত অশিষ্ট আচৰণেৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ববীয়া আৰু অনুসন্ধান সমিতিৰ সদস্যৰ প্ৰতি অশালীন মন্তব্য কৰাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ১৮-৭-২৪ তাৰিখৰ জৰুৰী কাৰ্যনিৰ্বাহক সভাত বিস্তৃত আলোচনাৰ অন্তত সৰ্বসন্মতক্ৰমে সংবিধানৰ ২৮ দফাৰ (১),(২) আৰু (৩) উপদফা অনুসৰি অনুশাসন ভংগ কৰাৰ অপৰাধত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰা বাপৰ সংগীপদ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বাতিল কৰা হয়।"