নলবাৰীৰ ষ্ট্ৰং ৰুম 
অসম

নলবাৰীৰ ষ্ট্ৰং ৰুমৰ সুৰক্ষা ভংগঃ আজি হ'ব তদন্ত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৭ মে', ২০২৪ ত বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰী নিৰ্বাচনী জিলাৰ ষ্ট্ৰং ৰুমৰ সুৰক্ষা ভংগ হোৱাৰ অভিযোগ উত্থাপন হৈছিল। আজি ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ মুখ্য সচিবগৰাকীয়ে এই সন্দৰ্ভত তদন্ত কৰিবলৈ ষ্ট্ৰং ৰুম পৰিদৰ্শন কৰিব।

ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ পৰা ২১ মে', ২০২৪ ত জাৰি হোৱা এক নটিফিকেচনত আই এ এছ বি কল্যাণ চক্ৰৱৰ্তীয়ে নলবাৰী নিৰ্বাচনী জিলাৰ ষ্ট্ৰং ৰুম পৰিদৰ্শন কৰি তদন্ত কৰাৰ কথা উল্লেখ কৰা হৈছে। এই পৰিদৰ্শনৰ সময়ত তেওঁৰ সৈতে থাকিব ষ্ট্ৰং ৰুমৰ দায়িত্বত থকা দণ্ডাধীশ, ষ্ট্ৰং ৰুমৰ সুৰক্ষা কৰ্মী আৰু ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধি।

আনহাতে নলবাৰীৰ চাৰ্কিট হাউচত বিয়লি ৪ বজাৰ পৰা সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্তৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব।