অসম

গহপুৰৰ মেধাৱী ছাত্র অগ্নিভ বৰাৰ সাফল্য

Asomiya Pratidin

ডিজিটেল সংবাদ, ছয়দুৱাৰ: গহপুৰ পৌৰসভাৰ অন্তৰ্গত ৭ নং ৱাৰ্ড ছত্ৰং গুৰীৰ মেধাৱী ছাত্র অগ্নিভ বৰাই কঢ়িয়াই আনিলে গৌৰৱ। Assam physical society‌য়ে অনুষ্ঠিত কৰা পঞ্চম Physics Olympiad পৰীক্ষা(২০২৩)ত ছয়দুৱাৰ মহাবিদ্যালয়ৰ পৰা অংশগ্ৰহণ কৰি ছয়দুৱাৰ‌ মহাবিদ্যালয় কেন্দ্ৰৰ ভিতৰত শ্ৰেষ্ঠতাৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।‌

সেই অনুসৰি সোমবাৰে ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কিশোৰ‌ সিং ৰাজপুত‌ আৰু পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক আৰু সহযোগী অধ্যাপক সকলে Assam physical societyয়ে প্ৰেৰণ কৰা প্ৰমাণ পত্ৰ আৰু ট্ৰফী আনুষ্ঠানিকভাৱে প্ৰদান কৰি অগ্নিভ বৰাক সন্মানিত কৰে।

অগ্নিভ বৰা ছত্ৰং গুৰী নিবাসী,যুৱ ব্যৱসায়ী মৃদুল বৰা আৰু গহপুৰ পৌৰসভাৰ প্ৰাক্তন চেয়াৰমেন লীনা শইকীয়া বৰাৰ একমাত্ৰ পুত্ৰ।অগ্নিভ বৰাই এইবাৰ ছয়দুৱাৰ মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে।