অসম

অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতি গঠন

Asomiya Pratidin

ডিজিটেল সংবাদ, হাজোঃ "অসম গণ পৰিষদ দল অসম ৰাইজৰ লগত আছে। এই দলে জাতিৰ হকে দেশৰ হকে সদায় কাম কৰি যাব। কংগ্ৰেছ দলৰ এতিয়া অক্সিজেনৰ অভাৱ হৈছে। কিমান সময়ত মৃত্যু হয় কোনোৱেই নাজানে ।" হাজোত এক সম্বৰ্ধনা সভাত অংশ লৈ সাংবাদিকৰ সৈতে সাক্ষাৎকাৰত অসম গণ পৰিষদ দলৰ নৱ নিযুক্ত সম্পাদক অৰ্ণৱ ভৰালীৰ এই বিস্ফোৰক মন্তব্য ।

গঠন কৰা হ'ল অসমৰ সৰ্ববৃহৎ আঞ্চলিক দল অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতি। মন্ত্ৰী অতুল বৰা, সভাপতি কেশৱ মহন্ত কাৰ্যকৰী সভাপতি হিচাপে কেইবাজনো সদস্যক লৈ গঠন হ'ল কেন্দ্ৰীয় সমিতি।

কামৰূপ জিলাৰ ৰঙিয়াৰ যুৱ নেতা অৰ্ণৱ ভৰালীক দিলে সম্পদকৰ গুৰু দায়িত্ব। হাজো শুৱালকুচি অগপ দলৰ তৰফৰ পৰা নেতা গৰাকীক সম্বৰ্ধনা জনাই । হাজোত অগপ নেতা আটাউৰ ৰহমান, প্ৰদীপ বৰা সহিতে দলীয় সতীৰ্থসকলে নেতাগৰাকীক সম্বৰ্ধনা জনাই ।