অসম

ডিমা হাচাও জিলাৰ মানায়ংহাদি গাৱত কৃষিবিপ্লৱৰে উজ্বলিছে তিনি যুৱক...

Asomiya Pratidin

ডিজিটেল সংবাদ, লামডিং : চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি কৃষি কৰ্মৰে স্বাৱলম্ববিত হৈছে তিনিজন উদয়মান যুৱক ৷ লামডিঙৰ পৰা ১০ কিলোমিটাৰ নিলগত তথা পাথৰখোলা ৰেলৱে ষ্টেচনৰ সমীপত ডিমা হাচাও জিলাৰ পিছপৰা মানায়ংহাদি গাৱত কৃষিবিপ্লৱৰে উজ্বলিছে মনোজ ডিব্ৰাগেদে, জিয়াবুৰ ৰহমান, ৰহমান শ্বেখ নামৰ তিনিজন যুৱক ৷

প্ৰায় ৪০ বিঘা মাটিত বাংলাদেশৰ পৰা অনা বিভিন্ন প্ৰজাতিৰ বগৰী পুলি ৰূপন কৰি স্বাৱলম্বিতা লাভ কৰিছে ৷ বাগান খনৰ যেনিয়ে চকু যায় চাৰিওফালে মাথো বগৰীয়ে বগৰী ৷ আপেল বগৰী, মিছ্ ইণ্ডিয়া, থাইলেণ্ড বগৰী আৰু সুন্দৰী বগৰীয়ে এতিয়া ভৰি পৰিছে বাগানখন ৷

বাগানখৰ জৰিয়তে নিজে সৱল হোৱাৰ লগতে গাৱখনৰ প্ৰায় ২০ পৰা ৩০ টা পৰিয়ালকো কাম যোগান ধৰি আৰ্থিক দিশতো টনকীয়াল কৰি তুলিছে ৷ প্ৰায় ২০/৩০ জন লোকে খেতিত নিয়োজিত হৈ প্ৰতিদিনে কেজিয়ে কেজিয়ে লামডিং বজাৰৰ লগতে নাগালেণ্ড ত্ৰিপুৰা আৰু অসমৰ বিভিন্ন অঞ্চললৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হৈছে ৷

সকলোৰে দৃষ্টি আকৰ্ষন কৰা এই বাগানখন পৰিদৰ্শন কৰিবলৈ কিছুদিন পূৰ্বে কাৰ্বি আংলং তুলিৰাম ৰংহাং, হৰেন সিং বেৰ লগতে বহু নেতা আৰু হোজাই জিলাৰ কৃষি বিভাগৰ জোন বৰুৱাও আহিছিল ৷ মনোজ, জিয়াবুৰ আৰু ৰহমানে ৩০ লাখ টকা ব্যয় কৰি এই বগৰী খেতি কৰাৰ লগতে বৰ্তমানলৈকে ১৫- ১৬ লাখ টকাৰ বগৰী বিক্ৰী কৰি উপাৰ্জন কৰিছে ৷

পানী আৰু বিদ্যুতৰ সমস্যাই দেখা দিয়া এই অঞ্চলটোত উদ্যোগতাসকলে আজি পৰ্যন্ত চৰকাৰৰ ফালৰ পৰা কোনো ধৰনৰ সাহাৰ্য্য পোৱা নাই ৷ যদিহে চৰকাৰৰ কৃষি বিভাগে সাহাৰ্য্য আগবঢ়াই তেনেহলে অনাগত দিনত পাহাৰীয়া জিলাখনৰ এই পিছপৰা অঞ্চলটোৰ বৃহৎ এলেকাজুৰি বগৰীৰ লগতে বিভিন্ন খেতি কৰিবলৈ সক্ষম হ'ব ৷

ফলত এই পিছ পৰা অঞ্চলটোত যুৱ প্ৰজন্মই কৃষি কৰ্মৰে সংস্থাপিত হবলৈ সক্ষম হ'ব পাৰিব বুলিও জনায় চৰকাৰলৈ অনুৰোধ কৰিছে ৷ ডিমাহাচাও জিলাখনৰ এই ভিতৰুৱা গাৱখনৰ বগৰী খেতিত এইবছৰৰ শেষৰফালে ১ কোটি ২০ লাখ টকা উপাৰ্জন কৰিব বুলি আশাবাদী হৈ পৰিছে মনোজ ডিব্ৰাগেদে, জিয়াবুৰ ৰহমান আৰু ৰহমান শ্বেখ ৷ বৰ্তমান চাৰি প্ৰকাৰৰ বগৰী খেতিয়ে দৃষ্টি আকৰ্ষন কৰিছে সকলোৰে ৷