AIUDF ৰ সকলো নেতৃত্বকে অপসাৰণৰ সিদ্ধান্তঃ কৰিমুদ্দিনৰ বিৰুদ্ধে তদন্ত কমিটী গঠন 
অসম

AIUDF ৰ সকলো নেতৃত্বকে অপসাৰণৰ সিদ্ধান্তঃ কৰিমুদ্দিনৰ বিৰুদ্ধে তদন্ত কমিটী গঠন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনত সূচনীয় পৰাজয়ৰ পাছৰে পৰা সংখ্যালঘুৰ ত্ৰাণকৰ্তা বুলি জাহিৰ কৰা বদৰুদ্দিন আজমলে এক দীঘলীয়া সময় মৌনতা অৱলম্বন কৰি আহিছিল। কিন্তু শেহতীয়াকৈ মৌন আজমলে মুখ খুলিছে।

ধুবুৰীত ৰকিবুল হুছেইনৰ হাতত ১০ লাখ ভোটত পৰাস্ত হোৱা আজমলে এই পৰাজয়ৰ বাবে দলীয় নেতাসকলকেই জগৰীয়া কৰিছে। সততে টেলিভিছনৰ কেমেৰা দেখিলেই ৰ’ব নোৱাৰা দলটোৰ সাধাৰণ সম্পাদক কৰিমুদ্দিন বৰভূঞাকে ধৰি প্ৰায়সকল নেতা, বিধায়ককেই এতিয়া বিচাৰিলেও পাবলৈ নোপোৱাৰ এক অৱস্থা।

ইতিমধ্যে পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি আন এগৰাকী সাধাৰণ সম্পাদক আমিনুল ইছলামে পদত্যাগ কৰিছে। ইয়াৰ বিপৰীতে বাকী সকলো নেতাই এতিয়া নিষ্ক্ৰীয় হৈ পৰাৰ সমান্তৰালকৈ এক প্ৰকাৰে সংবাদ মাধ্যম এৰি চলিছে।

ইয়াৰ মাজতে আজি আজমলে যোগীঘোপাত দলটোৰ সম্পৰ্কে আৰু দলটোৰ একাংশ নেতাৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ আগত বিস্ফোৰক মন্তব্য কৰিছে। AIUDFৰ সোণাই সমষ্টিৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ বিৰুদ্ধে শেহতীয়াকৈ দলৰ ভিতৰচৰাত উত্থাপিত একাধিক অভিযোগৰ পাছতেই তেওঁৰ বিৰুদ্ধে তদন্ত কমিটী গঠন কৰাৰ কথা ঘোষণা কৰিছে আজমলে। ইয়াৰোপৰি তেওঁক সাধাৰণ সম্পাদকৰ পদৰ পৰাও অপসাৰণ কৰিব বুলি জনাইছে দলটোৰ সভাপতিগৰাকীয়ে।

কেৱল ইমানেই নহয়, লোকসভা নিৰ্বাচনৰ পৰাজয়ৰ পৰিপ্ৰেক্ষিতত দলটোৰ আন আন শীৰ্ষ নেতাৰ পৰা আৰম্ভ কৰি তৃণমূল পৰ্যায়লৈকে নেতৃত্ব পৰিবৰ্তন কৰাৰ লগতে ব্যাপক সংস্কাৰৰ কথাও ঘোষণা কৰিছে। আজমলৰ মতে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত দলটোৰ নেতাসকলে সঠিক ভাবে নিজৰ দায়িত্ব পালন নকৰাৰ লগতে ৰাইজৰ কাষ চপাত ব্যৰ্থ হৈছিল। নেতাসকলে জনসাধাৰণৰ হৈ কাম কৰাত ব্যৰ্থ হৈছে। সেয়ে তেওঁ আগন্তুক পঞ্চায়ত নিৰ্বাচনক লক্ষ্য কৰি সকলো নেতাকে অপসাৰণ কৰি নতুনক এই দায়িত্ব দিয়াৰ কথা চিন্তা কৰিছে।

অৱশ্যে ১০ লাখ ভোটত পৰাস্ত হোৱাৰ পিছতো আজমলে নৈতিক দায়িত্ব স্বীকাৰ কৰি নিজে অব্যাহতি লোৱাৰ কথা চিন্তা কৰা নাই। তেওঁ দলৰ সভাপতি হৈ থাকি বিফলতাৰ সকলো দায়িত্ব আন আন নেতৃত্বলৈ ঠেলিয়েই দায়িত্ব সামৰিছে।