সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ AIUDF... 
অসম

সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ AIUDF...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল এ আই ইউ ডি এফ। দেশৰ নিৰ্বাচন আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত প্ৰকাশ কৰা খচৰাক লৈ ৰাজ্য উত্তাল হৈ থকাৰ মাজতে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে।

এই সন্দৰ্ভত আজি এক সংবাদ মেল সম্বোধন কৰি দলটোৰ ফালৰ পৰা কোৱা হৈছে যে, তেওঁলোকে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষমতা নিৰ্বাচন আয়োগক হস্তান্তৰ কৰাৰ বিৰোধিতা কৰিছে। নিৰ্বাচন আয়োগক সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষমতা দিয়া বিষয়টো অসাংবিধানিক।

আজি এই সন্দৰ্ভত এ আই ইউ ডি এফৰ মুখ্য কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰে বিধায়ক আমিনুল ইছলাম, আশ্ৰাফুল হুছেইনকে ধৰি দলটোৰে একাংশ নেতৃত্বই। সংবাদ মেলখনত দলটোৱে অভিযোগ কৰি কয় যে, বিজেপি, আৰ এছ এছৰ শ্ৰুতলিপি অনুসৰি নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। তেওঁলোকে সমষ্টি পুনৰ নিৰ্ধাৰণ প্রক্রিয়াত বৃহৎ কেৰোণ থকাৰো সন্দেহ প্ৰকাশ কৰে।

দলটোৱে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সন্দৰ্ভত সংবিধানৰ 8(A)ৰ অনুচ্ছেদক লৈ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছে। এ আই ইউ ডি এফ বনাম ইউনিয়ন অফ ইণ্ডিয়া গোচৰটোৰ ডায়েৰী নম্বৰ ২৮০১৪/২০২৩। এই গোচৰটোৰ পঞ্জীয়ন নম্বৰ–EC#HCIN01#00719/2023।

সংবাদ মেলখনত দলটোৰ অভিযোগ, কংগ্রেছে তৈয়াৰ কৰা খেলপথাৰত বিজেপিয়ে খেল খেলি আছে। কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলে মিলি সংখ্যালঘুক দমন কৰাৰ পলিচি তৈয়াৰ কৰিছে। দুয়োটা দলে এ আই ইউ ডি এফকো ধ্বংস কৰাৰ কৌশল ৰচিছে।

দলটোৱে নিৰ্বাচন আয়োগক পুনৰ সাক্ষাৎ কৰাৰ কথাৰো উল্লেখ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলটোৱে কেতিয়াবা ভাষাৰ মাজত, কেতিয়াবা ধৰ্মৰ মাজত ভেদাভেদ আনিবলৈ চেষ্টা চলাই আহিছে বুলিও অভিযোগ কৰি সংবাদ মেলখনত কয়, ইউনিয়ন চিভিল ক'ডক লৈ নাগালেণ্ড, মিজোৰামৰ পৰা অহা প্রত্যাহ্বানত বিজেপি শংকিত হৈছে। সেয়েহে সাম্প্রদায়িক বিভাজন আনিবলৈ মিঞা প্রসংগ টানি আনিছে।