file photo 
অসম

চৰকাৰী স্বাস্থ্য পৰীক্ষাৰ প্ৰস্তাৱিত মূল্যবৃদ্ধি প্ৰত্যাহাৰৰ দাবী জাতীয় পৰিষদৰ

'দুই দশকৰ অধিক কাল স্বাস্থ্য মন্ত্ৰী হৈ থকা হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য খণ্ডৰ উন্নতি কৰিব নোৱাৰাটো তেওঁৰ বৃহৎ ব্যৰ্থতা'

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটী : অসমৰ দৰিদ্ৰ জনসাধাৰণৰ মুৰত মাধমাৰ সোধাই ৰাজ্য চৰকাৰে স্বাস্থ্য বিভাগৰ অধীনস্থ বিভিন্ন মেডিকেল পৰীক্ষা তথা অন্যান্য মাচুল ২০ শতাংশলৈকে বৃদ্ধি কৰিবলৈ লোৱা তৎপৰতাৰ অসম জাতীয় পৰীষদে তীব্ৰ বিৰোধ কৰিছে ৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক প্ৰেছ বিজ্ঞপ্তিযোগে কেতবোৰ কথা উল্লেখ কৰে।

বিজ্ঞপ্তিত কয় যে, যি সময়ত বেচৰকাৰী খণ্ডৰ হাস্পতাল আৰু দৰৱাদিৰ কোম্পানীসমূহে চৰকাৰৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ দৰৱ আৰু পৰীক্ষণ ইত্যাদিৰ অসহনীয় মূল্য বৃদ্ধি কৰি দুখীয়া ৰাইজক তেনে সুবিধা চুব নোৱাৰা কৰি তুলিছেগৈ, তেনে সময়ত দুখীয়া ৰাইজৰ একমাত্ৰ আশা-ভৰষাৰ থল চৰকাৰী হাস্পতালসমূহ ৷ এনেয়েও চৰকাৰী হাস্পতালত সকলো সুবিধা নাপায় কাৰণে তাত প্ৰাথমিক পৰীক্ষা আদি কৰোৱাই বেছিভাগ ক্ষেত্ৰতে ৰাইজ ব্যক্তিগত হাস্পতাল বা ফাৰ্মাচীলৈ যাব লগা হয়েই ৷

ইফালে অত্যাৱশ্যকীয় সামগ্ৰীৰ ধাৰাবাহিক মূল্য বৃদ্ধিয়ে ৰাইজৰ কঁকাল ভাঙি থৈছেই ৷ এনে অৱস্থাত, চৰকাৰী হাস্পতালতো মেডিকেল পৰীক্ষা আদিৰ মূল্য বৃদ্ধি কৰাৰ লগে লগে সেয়াও দুখীয়া ৰাইজৰ হকে অসহনীয় হৈ উঠিব ৷

গগৈ আৰু ভূঞাই কয় যে ২০০২ চনৰে পৰা অসম চৰকাৰত মন্ত্ৰী হৈ থকা ডঃ হিমন্ত বিশ্ব শৰ্মাই বিগত দিনত ১৫ বছৰতকৈ অধিক কাল জুৰি স্বাস্থ্য বিভাগৰে মন্ত্ৰী হৈ আছিল ৷ উক্ত সময়ছোৱাত তেওঁ ৰাজ্য খনৰ অঘোষিত মুখ্য মন্ত্ৰী হিচাপেই কাম কৰিছে  ৷ আৰু এতিয়া তেওঁ নিজে মুখ্য মন্ত্ৰী ৷ কিন্তু তৎস্বত্বেও তেওঁ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ মান উন্নত কৰিব নেৱাৰিলে ৷ আজিও চৰকাৰী হাস্পতালত ৰাইজে উপযুক্ত স্বাস্থ্য সেৱা বিচাৰি হাবাথুৰি খাবলগীয়া হয় ৷

ৰাজ্যখনৰ স্বাস্থ্য খণ্ডৰ তথৈবচ অৱস্থালৈ চাই চৰকাৰী স্বাস্থ্য সেৱা সম্পূৰ্ণ বিনামূলীয়া কৰা উচিত আছিল বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয় যে একমাত্ৰ স্বাস্থ্য, শিক্ষা আৰু সামাজিক ন্যায় বিনামূলীয়া হ'ব লাগে বুলি প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপায়ীয়ে কৈ গৈছে ৷ কিন্তু বিজেপিৰ চৰকাৰে এই তিনিটাত মূল্য লগাই বাকী সকলো বিনামূলীয়া কৰিবলৈ লৈছে ৷ ফলত দেশৰ অৰ্থনৈতিক আৰু সামাজিক সমতা বিনষ্ট হৈছে ৷ ৰাজ্যখনৰ সাধাৰণ জনতাৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য পৰীক্ষা আৰু স্বাস্থ্য সম্পৰ্কীয় অন্যান্য মাচুলৰ প্ৰস্তাৱিত মূল্য বৃদ্ধি প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায় ৷