'আজিৰ দিনটো অসম, অসমীয়া জাতিৰ বাবে এটা ক'লা দিন'- অজাপ 
অসম

'আজিৰ দিনটো অসম, অসমীয়া জাতিৰ বাবে এটা ক'লা দিন'- অজাপ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰীকৰণৰ জাননী জাৰি হোৱাৰ পাছতেই তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে। এক বিবৃতিৰ জৰিয়তে অসম জাতীয় পৰিষদে কয়, অৱশেষত অসমীয়া জাতিৰ আৱেগ-অনুভূতি আৰু শ্বহীদৰ চৰম ত্যাগক ভৰিৰে মোহাৰি বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী আইন ৰূপায়ন কৰিলে৷ এই আইনে অসমীয়া জাতিৰ ভাষা-সংস্কৃতি, মাটি-ভেটিৰ ওপৰত অবৈধ বিদেশীৰ অধিকাৰ নিশ্চিত কৰি অসমীয়া মানুহৰ অস্তিত্ব বিপন্ন কৰিব বুলি জানিও বিজেপিৰ চৰকাৰে আইনখন ৰূপায়ন কৰিলে৷ জাতি-মাটি-ভেটি ৰক্ষাৰ অঙ্গীকাৰেৰে অসমীয়া মানুহৰ ভোট লোৱা সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাই এই ক'লা আইনখন ৰূপায়ন কৰাৰ পৰা কেন্দ্ৰীয় চৰকাৰক বিৰত ৰাখিব নোৱাৰিলে৷

দলটোৱে বিবৃতিত পুনৰ কয়, আজিৰ দিনটো অসমৰ বাবে, অসমীয়া জাতিৰ বাবে এটা ক'লা দিন৷ নিজৰ গাদী সুৰক্ষাৰ স্বাৰ্থত দিল্লীশ্বৰৰ পদলেহন কৰি জীয়াই থাকি ভাল পোৱা সৰ্বানন্দ সোণোৱাল-হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁলোক দুজনৰ অনুচৰ বাহিনীয়ে নিজৰ মাতৃভূমিকো হত্যাৰ ষড়যন্ত্ৰত লিপ্ত হ'বলৈ কুণ্ঠাবোধ নকৰিলে৷ এই অক্ষমনীয় অপৰাধৰ বাবে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা জাতীয় খলনায়ক হিচাপে আজীৱন চিহ্নিত হৈ ৰব৷ এই দুই খলনায়কৰ এনে আত্মসমৰ্পন তথা উক্ত জাতিদ্ৰোহী কাণ্ড ইতিহাসৰ পাতত ক'লা আখৰেৰে চিৰদিন খোদিত হৈ থাকিব। অসমৰ সকলো জাতি-জনগোষ্ঠীৰ ৰাইজ, দল-সংগঠন, নাগৰিক সংস্থা সকলোকে বিজেপি চৰকাৰৰ এই জাতিদ্ৰোহী কাৰ্য্য আৰু উক্ত ক'লা আইনখনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনালো৷