অসম

চকী খালি শাসকীয় বিধায়কৰ! অখিল গগৈৰ সংকল্প প্ৰস্তাৱত ৩০ টা ভোট

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শুকুৰবাৰে অখিল গগৈৰ সংকল্প প্রস্তাৱৰ ওপৰত সদনত সম্পন্ন হয় ভোটদান প্রক্রিয়া। কৃষি ক্ষেত্রত সকলো সময়তে জলসিঞ্চনৰ ব্যৱস্থাক লৈ এই প্রস্তাৱ আগবঢ়াইছিল অখিল গগৈয়ে।

সংকল্প প্রস্তাৱৰ বিৰোধিতা আৰু সমৰ্থনত শাসক-বিৰোধীয়ে ভোটদান কৰে। প্রস্তাৱৰ বিৰোধিতাৰে শাসক পক্ষৰ মুঠ ভোট ৩৯টা আৰু সংকল্প প্রস্তাৱৰ সমৰ্থনত বিৰোধীৰ মুঠ ভোট ৩০টা লাভ কৰে।

এই সন্দৰ্ভত অখিল গগৈয়ে কয় যে, সংকল্প প্ৰস্তাৱৰ বাবে বেলট ভোট হৈছে। প্ৰথমবাৰৰ বাবে এনে ভোট হৈছে অসমৰ সংসদীয় ইতিহাসত। এই প্ৰস্তাৱৰ অধীনত অসমৰ প্ৰতি ডৰা খেতিত পানী যোগান আৰু বাৰ মাহে খেতি কৰিব পৰাকৈ ব্যৱস্থা কৰি দিয়াৰ কথা উল্লেখ আছে।

গগৈয়ে কয় যে, প্ৰথমবাৰৰ বাবে বিৰোধীয়ে ইমান ভোট লাভ কৰে। তাৰ বাবে বিধানসভাৰ অধ্যক্ষ, প্ৰতিগৰাকী বিৰোধী বিধায়কক ধন্যবাদ জ্ঞাপন কৰে গগৈয়ে।

তেওঁ কয় যে, আজি বিৰোধী ঐকবদ্ধ। আজি এটা ভোটো বাহিৰলৈ যোৱা নাই। বিৰোধী দুৰ্বল যে নহয় আজি তাৰ প্ৰমাণ হল। আজি চৰকাৰে ভয় খাইছে। যেনেতনে বাচিলে। চৰকাৰ ভাঙো ভাঙো অৱস্থা হৈছিল আজি।

উল্লেখ্য যে, অসম বিধানসভাৰ বাজেট অধিবেশন চলি আছে। আজি বিধানসভাত শাসক পক্ষৰ বিধায়কৰ সংখ্যা কম আছিল। প্ৰশ্নত্তোৰ কালেৰে আৰম্ভ হোৱা সংসদীয় কাম-কাজত কেইবাটাও বিষয় উত্থাপন হয়। তাৰ মাজতে অখিল গগৈয়ে এই প্ৰস্তাৱ দাখিল কৰে।