১৪ ফেব্ৰুৱাৰীত ১০ খন জিলাত স্থানীয় বন্ধ ঘোষণা... 
অসম

১৪ ফেব্ৰুৱাৰীত ১০ খন জিলাত স্থানীয় বন্ধ ঘোষণা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ১৪ ফেব্ৰুৱাৰী, বুধবাৰে অসমৰ মিচিং সমাজে পালন কৰিব আলি আই লৃগাং। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীয় লোকসকলে পালন কৰে এই উৎসৱ।

ৰাজ্যৰ প্ৰতিটো প্ৰান্তত ন'হলেও মিচিং অধ্যুষিত কেইবাখনো জিলাত এই উৎসৱ অতি উলহ-মালহেৰে পালন কৰিবলৈ ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰা হৈছে। তাৰ মাজতে অসম চৰকাৰে ৰাজ্যৰ ১০ খন জিলাত স্থানীয় বন্ধ ঘোষণা কৰিছে। সেই অনুসৰি ১৪ ফেব্ৰুৱাৰীত ধেমাজী, উত্তৰ লখিমপুৰ, শোণিতপুৰ, চিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, মাজুলী আৰু চৰাইদেউত থাকিব স্থানীয় বন্ধ।